ওঁ নমস্তে সর্ব্বদেবানাং
বৰদাসি হৰিপ্রিয়ে।
যা গতিস্তৎ প্রপন্নানাং
সা মে ভুয়াত্তদৰ্চ্চনাৎ ॥
এষ সগন্ধপুষ্পবিল্বপত্রাঞ্জলিঃ
শ্রীং লক্ষ্মীদেব্যৈ নমঃ
আজি ধনৰ অধিষ্ঠাত্ৰীদেৱী মহালক্ষ্মী পূজা । কোজাগৰী লক্ষ্মী পূজা বিশেষকৈ অসম, পশ্চিমবংগ, ওড়িশাত অতি ভক্তিৰে পালন কৰা হয় । এই শুভ দিনটো ধন-ঐশ্বৰ্য আৰু সমৃদ্ধিৰ দেৱী মা লক্ষ্মীৰ পূজাৰ বাবে উৎসৰ্গিত কৰা হয়। আজিৰ দিনটোত ভক্তসকলে দেৱী লক্ষ্মীৰ ব্ৰত পালন কৰি উপবাসে থাকে আৰু নিশাটো দেৱী লক্ষ্মীৰ আৰাধনা কৰে।
কোজাগোৰী লক্ষ্মী পূজা হৈছে এক অতি প্ৰাচীন আৰু আধ্যাত্মিক উৎসৱ। দেৱী লক্ষ্মী হৈছে সম্পদ, ভাগ্য আৰু সমৃদ্ধিৰ প্ৰতীক। বংগত কোজাগাৰী শব্দটোৰ উৎপত্তি ‘কো জগতী’ৰ পৰা আৰম্ভ হৈছিল। ইয়াৰ আক্ষৰিক অৰ্থ হ’ল ‘কোন সাৰ পাই আছে?’
জনবিশ্বাসমতে, এই দিনটোত ধন-সম্পত্তি আৰু সমৃদ্ধিৰ দেৱী মালক্ষ্মী স্বৰ্গৰ পৰা ধৰালৈ নামি আহে। লক্ষ্মীদেৱী ভক্তসকলৰ গৃহলৈ গৈ সকলোকে আশীৰ্বাদপুষ্ট কৰে।লক্ষ্মী দেৱীক আদৰিবলৈ ভক্তসকলে ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰে, ফুল আৰু প্ৰদীপেৰে নিজৰ ঘৰ আলোকিত কৰে, বিভিন্ন প্ৰকাৰৰ মিঠাই আৰু ভোগ ৰান্ধে । এই পূজাৰ নিশা গোটেই ভক্তসকলে নিজ গৃহ বন্তিৰে উজ্জ্বল কৰি ৰাখে।
সোমবাৰে দিনৰ ১২ বাজি ২৪ মিনিট ১২ ছেকেণ্ডৰ পৰা আৰম্ভ হোৱা পূজাৰ লগ্ন অন্ত পৰিব মংগলবাৰে পুৱা ৯ বাজি ১৭ মিনিট ৩৬ ছেকেণ্ডত
পুৰোহিত নোহোৱাকৈ কেনেকৈ নিজগৃহতে কৰিব লক্ষ্মী পূজা-
১. স্নান কৰি শুদ্ধ বসন পৰিধান কৰি পূজা কৰা ঠাইডোখৰ ভাল দৰে পৰিস্কাৰ কৰি গঙ্গাজল ছটিয়াই ল’ব লাগে। লগতে অলপ গঙ্গাজল নিজৰ দেহতো ছটিয়াই ল’ব লাগে।
২. প্ৰথমে নাৰায়ণক স্মৰণ কৰি মা লক্ষ্মীক আসন দিয়াৰ পূৰ্বে সেই স্থানত আল্পনা অঙ্কন কৰি ল’ব লাগে। মূল দুৱাৰৰ সন্মুখত তথা অন্যান্য ঠাইত লক্ষ্মীদেৱীৰ চৰণ অংকন কৰিব লাগে।
৩. পূজা কৰা স্থানত এটি তামৰ পাত্ৰ থ’ব লাগে, তাত ৩ বাৰকৈ সূর্যদেৱক স্মৰণ কৰি অলপ অলপ কৈ পানী ঢালিব লাগে।
৪. ঘটস্থাপনৰ বাবে এটি তামৰ বা পিতলক ঘট লৈ তাত সেন্দুৰেৰে স্বস্তিক চিহ্ন অঙ্কন কৰি ল’ব লাগে। ঘটৰ চাৰিও ফালে ধান অলপ ছটিয়াই ল’ব লাগে।
৫. ঘটস্থাপনৰ পিছত লক্ষ্মীদেৱীৰ ধ্যানমন্ত্র জপ কৰি দেৱীক নিজ গৃহত আমন্ত্ৰণ কৰিব লাগে।
৬. তাৰপিছত লক্ষ্মীদেৱীক ফুলৰ মালা ও ফুল অর্পণ কৰিব লাগে। মা লক্ষ্মীৰ মূৰত চন্দন ও সেন্দুৰৰ ফোঁট দি ভোগ নিবেদন কৰিব লাগে।
৭. দেৱীক ধূপ-দ্বীপ-নৈবেদ্যৰে উপাসনা কৰিব লাগে। নাৰায়ণক স্মৰণ কৰি দেৱীৰ ঘটত ফুল দিব লাগে। তাৰ পিছত দেৱীক প্রণাম কৰি ৩ বাৰ পুষ্পাঞ্জলি দিব লাগে।
৮. তাৰ পিছত লক্ষ্মীৰ পাঁচালী পঢ়ি পুজা সম্পন্ন কৰিব লাগে। পাঁচালী পঢ়া হোৱাৰ পিছত পূজাগৃহৰ পৰা সকলোৱে ওলাই গৈ ঘৰৰ-দুৱাৰ খিৰিকি কিছু সময়ৰ বাবে বন্ধ কৰি দিব লাগে। এই সময়ত দেৱী আহি ভোগ গ্রহণ কৰিব বুলি বিশ্বাস কৰা হয়।












