পুনৰ চৰ্চাত লৰেন্স বিষ্ণৈ। মায়ানগৰী মুম্বাইত শনিবাৰে নিশা তিনিজন দুৰ্বৃত্তই এন চি পি নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকিক গুলীয়াই হত্যা কৰে। ইতিমধ্যে এই ঘটনা সংঘটিত কৰা দুজন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
আক্ৰমণকাৰী দুজনক গ্ৰেপ্তাৰ কৰাৰ পিছতেই এতিয়া চৰ্চাত আহিছে লৰেন্স বিষ্ণৈ গেঙৰ নাম। গ্ৰেপ্তাৰ হোৱা দুজনে নিজকে লৰেন্স বিষ্ণৈই গেঙৰ বুলি দাবী কৰিছে। সম্প্ৰতি লৰেন্স বিষ্ণৈ গুজৰাটৰ সাৱৰমতী জেইলত বন্দী হৈ আছে।
বাবা ছিদ্দিকিক হত্যা কৰা শ্বুটাৰ দুজন সঁচাকৈয়ে বিষ্ণৈ গেঙৰ নেকি সেয়া জানিবলৈ শীঘ্ৰেই তদন্তকাৰী সংস্থাই লৰেন্স বিষ্ণৈক কাৰাগাৰত সোধা-পোচা কৰিব।
ইয়াৰ বাবে আইনী পৰামৰ্শ প্ৰস্তুত কৰি থকা হৈছে কাৰণ সোধা-পোচাৰ বাবে আদালতৰ অনুমতিৰ প্ৰয়োজন। শ্বুটাৰসকলে দাবী কৰিছে যে তেওঁলোক লৰেন্স বিষ্ণৈৰ সৈতে জড়িত।
তদন্তকাৰী সংস্থাই জেৰাৰ সময়ত জানিবলৈ চেষ্টা কৰিব যে বলিউদৰ জনপ্ৰিয় অভিনেতা ছলমান খানৰ ঘনিষ্ঠতাই বাবা ছিদ্দিকিৰ মৃত্যুৰ কাৰণ নে আন কিবা কাৰণ আছে।
ছলমান খানৰ সৈতে ঘনিষ্ঠতাৰ উপৰি ব্যক্তিগত শত্ৰুতা আৰু ভূমি বিতৰ্কও তেওঁৰ মৃত্যুৰ কাৰণ হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰি তদন্ত অব্যাহত ৰাখিছে।
উল্লেখ্য যে, লৰেন্স বিষ্ণৈ গেঙে সাধাৰণতে জিগানা পিষ্টল ব্যৱহাৰ কৰে, কিন্তু বাবা ছিদ্দিকিক হত্যা কৰা শ্বুটাৰে ৯ এম এম পিষ্টল ব্যৱহাৰ কৰিছিল। অৱশ্যে মুম্বাই ক্ৰাইন ব্ৰাঞ্চ আৰু স্পেচিয়েল চেলে শ্বুটাৰ্ছে কৰা দাবী সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।