ইজৰাইলে লেবাননত হিজবুল্লাহৰ স্থানসমূহক অহৰহ লক্ষ্য কৰি লৈছে। শেহতীয়া তথ্য অনুসৰি, ইজৰাইলে লেবাননত হিজবুল্লাহৰ এটা ভূগৰ্ভস্থ কমাণ্ড চেণ্টাৰ আৱিষ্কাৰ কৰি ধ্বংস কৰে।
ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে জনোৱা , ১৮৮ নং আৰ্মাৰ্ড ব্ৰিগেডৰ অভিযান্ত্ৰিক সৈন্যই হিজবুল্লাহৰ কমাণ্ড চেণ্টাৰলৈ যোৱা এটা দীঘলীয়া মাটিৰ তলৰ সুৰংগ আৱিষ্কাৰ কৰে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, বিগত বৰ্ষত হিজবুল্লাহে এই ভূগৰ্ভস্থ সুৰংগটো ব্যৱহাৰ কৰি গালীলত ইজৰাইলী সম্প্ৰদায়ৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণ আৰু প্ৰত্যক্ষ ৰকেট আক্ৰমণৰ পৰিকল্পনা কৰিছিল। ইয়াত অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য সামৰিক সামগ্ৰী ৰখা হৈছিল। ইয়াৰ উপৰিও কাষৰ মছজিদৰ ভিতৰত বিপুল পৰিমাণৰ বিস্ফোৰক, ৰাইফল, গ্ৰেনেড আদি অস্ত্ৰ-শস্ত্ৰও ৰখা হৈছিল।
প্ৰতিবেদন অনুসৰি, ডাইমণ্ড কম্বেট ইঞ্জিনিয়াৰ বিশেষ বাহিনী ইউনিটৰ জোৱানসকলে অঞ্চলটোৰ তদন্ত কৰে। ইয়াৰ পিছত সৈন্যসকলে সকলো অস্ত্ৰ-শস্ত্ৰ জব্দ কৰে। ইয়াৰ পিছত কমাণ্ড চেণ্টাৰ আৰু মাটিৰ তলৰ সুৰংগ পথ ধ্বংস কৰা হয়।
উল্লেখ্য যে ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ আৰম্ভ হৈছিল ২০২৩ চনৰ ৭ অক্টোবৰৰ পৰা। এই আক্ৰমণৰ এদিন পিছত হিজবুল্লাহে হামাছৰ সমৰ্থনত ইজৰাইলৰ ওপৰত গুলীচালনা আৰম্ভ কৰে। তেতিয়াৰ পৰাই প্ৰায় প্ৰতিদিনে দুয়োপক্ষৰ মাজত গুলীচালনা হৈছিল।
এই যুদ্ধৰ বাবে ইজৰাইলে পেলেষ্টাইন অঞ্চলত ব্যাপক ধ্বংসলীলা চলাইছিল, য’ত এতিয়ালৈকে ৪৪ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে। মৃতসকলৰ আধাতকৈ অধিক মহিলা আৰু শিশুও আছে বুলি দাবী কৰা হৈছে।