আমেৰিকাৰ লছ এঞ্জেলছৰ জংঘলত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। এই ঘটনাত কমেও ১০ জন লোকৰ মৃত্যু হৈছে আৰু ১ লাখ ৫০ হাজাৰৰো অধিক লোক গৃহহীন হৈ পৰিছে।
হলিউদ হিলছো আৱৰি ধৰিছে জুইৰ লেলিহান শিখাই। যাৰ ফলত আমেৰিকা ছবি জগতৰ বহু তাৰকা গৃহহীন হৈ পৰাৰ খবৰ আহিছে। এই পৰ্যন্ত জুই নিৰ্বাপন কৰিব পৰা নাই। এই বিভিষীকাময় পৰিস্থিতিৰ মাজতে বতৰ বিজ্ঞানীসকলে সতৰ্কবাণী জাৰি কৰিছে যে বতাহে পৰিস্থিতি আৰু অধিক বেয়া কৰিব পাৰে।
ইফালে বহু ইজৰাইল বিৰোধী গোট আৰু মন্তব্যকাৰীয়ে এই ভয়াৱহ অগ্নিকাণ্ডৰ সৈতে গাজাৰ যুদ্ধ আৰু ইজৰাইলৰ ওপৰত আমেৰিকাৰ সামৰিক ব্যয়ৰ সম্পৰ্কক টানি আনিছে। টাইমছ অফ ইজৰাইলত প্ৰকাশিত বাতৰি অনুসৰি, ক’ড পিংক নামৰ এটা সংগঠনে ইনষ্টাগ্ৰামত কয়, ‘যদি গাজাৰ মানুহক জীৱন্তে অগ্নিদগ্ধ কৰিবলৈ আমেৰিকাৰ কৰ ব্যৱহাৰ কৰা হৈছে, তেন্তে জুইৰ শিখা আমাৰ ঘৰলৈ অহাটো কোনো আচৰিত হ’ব নালাগে।’
ইফালে, এণ্টি জায়নিষ্ট ইহুদী ভয়েচ ফৰ পিছৰ নিউয়ৰ্ক শাখাই এই অগ্নিকাণ্ড সন্দৰ্ভত ইনষ্টাগ্ৰাম পোষ্টত কয়, ‘আমাৰ দেশখনক বসবাসযোগ্য কৰি তোলাৰ পৰিৱৰ্তে আমাৰ চৰকাৰে গাজাত পেলেষ্টাইনীসকলক নিহত কৰিবলৈ কোটি কোটি ডলাৰ ব্যয় কৰিছে।’
নিউয়ৰ্কস্থিত ইজৰাইল বিৰোধী গোট উইথিন আৱাৰ লাইফটাইমৰ নেত্ৰী ফাতিমা মহম্মদে অগ্নিকাণ্ডৰ ফটো শ্বেয়াৰ কৰি কয়, ‘গাজাৰ জুইৰ শিখা ইয়াতেই স্তব্ধ নহয়।’ তেওঁ কয়, ‘গাজাত লাখ লাখ বোমা নিক্ষেপ কৰা আৰু ইয়াক জ্বলন্ত নৰকলৈ ৰূপান্তৰিত কৰাৰ পৰিণতি, জলবায়ুৰ পৰিণতি যিয়ে আমাৰ সকলোকে প্ৰভাৱিত কৰিব।’
ইফালে আমেৰিকাৰ বহু ইজৰাইলী সমৰ্থকে এই ধৰণৰ মন্তব্যৰ বিৰোধিতা কৰিছে। ৱাশ্বিংটনত ইজৰাইলৰ অন্যতম কণ্ঠস্বৰ নিউয়ৰ্ক কংগ্ৰেছী ৰিচি টৰেছে এই অগ্নিকাণ্ডৰ বাবে ইজৰাইলক দোষাৰোপ কৰা ক’ড পিংকক সমালোচনা কৰে।