অবৈধ লাউডস্পিকাৰৰ বিৰুদ্ধে সৰৱ হৈছে মহাৰাষ্ট্ৰৰ দেৱেন্দ্ৰ ফাড়নবিছ নেতৃত্বাধীন চৰকাৰ। মুম্বাইৰ পিছত এইবাৰ নাগপুৰতো ধৰ্মীয় স্থানসমূহৰ পৰা অবৈধভাৱে লগাই থোৱা লাউডস্পিকাৰসমূহ আঁতৰোৱাৰ অভিযান আৰম্ভ কৰিছে।
ধৰ্মীয় স্থানত স্থাপন কৰা লাউডস্পিকাৰে সৃষ্টি কৰা শব্দ প্ৰদূষণ আৰু সাধাৰণ লোকৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰৰ গৃহ মন্ত্ৰালয়ে সকলো ধৰ্মীয় স্থানৰ পৰা অবৈধ লাউডস্পিকাৰ আঁতৰোৱাৰ নিৰ্দেশ দিছে।
গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশৰ পিছতে নাগপুৰ আৰক্ষীয়ে যোৱা চাৰিদিনত বিভিন্ন ধৰ্মীয় স্থানৰ পৰা ৫৭৫টাতকৈও অধিক লাউডস্পিকাৰ আঁতৰাইছে।
নাগপুৰ আৰক্ষী আয়ুক্ত ৰবীন্দ্ৰ সিংগালে মহানগৰীৰ সকলো থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিজ নিজ থানা এলেকাত ধৰ্মীয় স্থানত অবৈধভাৱে স্থাপন কৰা লাউডস্পিকাৰ আঁতৰাবলৈ নিৰ্দেশ দিছে। ইয়াৰ পিছত আৰক্ষীয়ে সমগ্ৰ চহৰখনত অভিযান আৰম্ভ কৰি লাউডস্পিকাৰ আঁতৰাই পেলায়।
কোন ধৰ্মীয় স্থানৰ পৰা কিমানটা অবৈধ লাউডস্পিকাৰ আঁতৰাই দিয়া হ’ল?
মন্দিৰ – ২৮০
মছজিদ – ১৫৪
গুৰুদ্বাৰা – ৭
মাদ্ৰাছা – ১৪
দৰগাহ – ১৭
বৌদ্ধ বিহাৰ – ১০৩
এই সন্দৰ্ভত নাগপুৰ আৰক্ষী আয়ুক্ত ৰবীন্দ্ৰ সিংগালে কয় যে চৰকাৰ আৰু উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি নাগপুৰ আৰক্ষীয়ে ধৰ্মীয় স্থানত লগোৱা অবৈধ লাউডস্পীকাৰ আঁতৰোৱা হৈছে।