দেওবাৰে পুৱা মহাৰাষ্ট্ৰৰ ৰত্নাগিৰিৰ মুম্বাই-গোৱা ঘাইপথত এল পি জি গেছ টেংকাৰ আৰু মিনিবাছৰ মাজত হয় ভয়াৱহ সংঘৰ্ষ। এই সংঘৰ্ষৰ পিছতেই টেংকাৰখনৰ পৰা গেছ নিৰ্গত হোৱাৰ ফলত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়।
এই অগ্নিকাণ্ড ইমানেই ভয়াৱহ আছিল যে দুৰ্ঘটনা সংঘটিত হোৱা ঠাইখিনিৰ সমীপৰ ঘৰ-দুৱাৰ, এটা গোশালা আৰু কেইবাখনো বাহন জ্বলি চাৰখাৰ হৈ যায়। টেংকাৰখনৰ পৰা গেছ নিৰ্গত হোৱাৰ ফলত এটা আমৰ চালানো জ্বলি যায়।
শেহতীয়া তথ্য অনুসৰি এল পি জি গেছ নিৰ্গত হোৱাৰ বাবে স্থানীয় অঞ্চলবাসীৰ মাজত তীব্ৰ ভয়-শংকাই বিৰাজ কৰিছে। দুৰ্ঘটনাৰ পিছতে মুম্বাই-গোৱা ঘাইপথত যাতায়ত বন্ধ কৰি দিয়া হৈছে আৰু টেংকাৰখনৰ পৰা নিৰ্গত হৈ থকা গেছ বন্ধ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।
জানিব পৰা অনুসৰি, এই দুৰ্ঘটনাত মিনি বাছখনৰ ১২ জন লোক আহত হয় আৰু গোশালাৰ পৰা পশুধনসমূহ জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।