৫ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰস্তাৱিত প্ৰয়াগৰাজ ভ্ৰমণ বাতিল হ’ব পাৰে। সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, অহা ৫ ফেব্ৰুৱাৰীত মহাকুম্ভত স্নান কৰিবলৈ নাযাব পাৰে প্ৰধানমন্ত্ৰী মোদী। প্ৰাৰম্ভিক তথ্য অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণ পিছুৱাই দিছে।
প্ৰধানমন্ত্ৰীৰ মহাকুম্ভ স্নানৰ বাবে আন এটা দিন নিৰ্ধাৰণ কৰা হ’ব পাৰে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই।
উল্লেখ্য যে, অহা ৫ ফেব্ৰুৱাৰীত প্ৰয়াগৰাজ মহাকুম্ভ ভ্ৰমণলৈ যোৱাৰ কথা আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। চাৰি ঘণ্টাৰো অধিক সময় প্ৰয়াগৰাজত থাকিব বুলি কোৱা হৈছিল। যদিহে ভ্ৰমণসূচী সঁচাকৈয়ে বাতিল হৈছে তেন্তে কি কাৰণত বাতিল হৈছে সেয়া এইপৰ্যন্ত জানিব পৰা হোৱা নাই।
উল্লেখ্য যে, ২৯ জানুৱাৰীত প্ৰয়াগৰাজ মহাকুম্ভত মৌনি আমাৱস্যাৰ দিনা হোৱা অভাৱনীয় ভিৰৰ বাবে দৌৰাদৌৰিত পদপিষ্ট হৈ ৩০ জন ভক্তই প্ৰাণ হেৰুৱাৰ বিপৰীতে ৬০ জন লোক আহত হয়।