মহাৰাষ্ট্ৰত মহাযুটীৰ মাজত সকলো ঠিকেই আছে নে….? এইপৰ্যন্ত মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব, সেয়া ঠিৰাং কৰিব নোৱাৰাৰ বাবেই অৱতাৰণা হৈছে এই প্ৰশ্নৰ। ইয়াৰ মাজতে আজি মুম্বাইত অনুষ্ঠিত হ’বলগীয়া দুখনকৈ জৰুৰী বৈঠকো বাতিল হোৱাৰ খবৰ আহিছে। কি কাৰণত এই বৈঠক বাতিল হ’ল সেয়া এইপৰ্যন্ত জানিব পৰা হোৱা নাই।
মুম্বাইত হ’বলগীয়া মহাযুটীৰ বৈঠকখনৰ লগতে শিৱসেনাৰ বিধায়কৰ মাজত হ’বলগীয়া বৈঠকখনো বাতিল হোৱা বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি আজি হ’বলগীয়া এই দুয়োখন বৈঠক এতিয়া দুদিন পিছত অনুষ্ঠিত হ’ব।
ইফালে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি মহাৰাষ্ট্ৰৰ কাৰ্যবাহী মুখ্যমন্ত্ৰী একনাথ সিন্দে ছাতাৰাস্থিত নিজৰ গাঁৱৰ ঘৰলৈ ৰাওনা হৈছে।
নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী পদৰ বাবে মহাযুটীৰ সহযোগী দলসমূহ প্ৰায় সহমতত উপনীত হৈছে। কিন্ত কিছু মন্ত্ৰীপদৰ বাবে তেওঁলোকৰ সহযোগী দলসমূহ সহমতত উপনীত হ’ব পৰা নাই।
উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ নতুন চৰকাৰখনত এজন মুখ্যমন্ত্ৰী আৰু দুজন উপ-মুখ্যমন্ত্ৰীৰ ফৰ্মুলাৰে গঠন হোৱাটো প্ৰায় নিশ্চিত হৈছে। বিজেপিৰ শীৰ্ষ নেতা দেৱেন্দ্ৰ ফাড়নবিশ মুখ্যমন্ত্ৰী, এন চি পিৰ অজিত পাৱাৰ উপ-মুখ্যমন্ত্ৰী হোৱাটো প্ৰায় খাটাং। কিন্তু কাৰ্যবাহী মুখ্যমন্ত্ৰী একনাথ সিন্দেই উপ-মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিবলৈ ইচ্ছুক নহয়।
এই সন্দৰ্ভত সিন্দে বাহিনীৰ এজন নেতাই কয় যে, পূৰ্বতে মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰা এজন নেতাই উপ-মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাটো শোভা নাপায়। মুখ্যমন্ত্ৰীৰ দৌৰৰ পৰা একপ্ৰকাৰ একনাথ সিন্দে বাহিৰ হোৱাত তেওঁলোকৰ দলৰ ভিতৰচ’ৰাত যথেষ্ট অসন্তুষ্টিৰ সৃষ্টি হৈছে।