মহাৰাষ্ট্ৰৰ জলগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। কৰ্ণাটক এক্সপ্ৰেছৰ খুন্দাত ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০-৪০ জন লোক আহত হোৱাৰ খবৰ আহিছে।
জানিব পৰা অনুসৰি পুষ্পক এক্সপ্ৰেছ ৰে’লত অগ্নিকাণ্ডৰ উৰাবাতৰিৰ পিছতে যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় আৰু একাংশ যাত্ৰীয়ে ৰে’লৰ পৰা জাপ দিয়াৰ ফলত কৰ্ণাটক এক্সপ্ৰেছৰ খুন্দাত ১১ জন যাত্ৰীৰ মৃত্যু হয়।
এই ঘটনাটো সন্ধিয়া প্ৰায় ৫ বজাৰ ওচৰত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
এগৰাকী বিষয়াই জনোৱা মতে, মহাৰাষ্ট্ৰৰ জলগাঁও জিলাত পুষ্পক এক্সপ্ৰেছত অগ্নিকাণ্ডৰ উৰাবাতৰিৰ পিছত কোনো যাত্ৰীয়ে চেইন টানিছিল, তাৰ পিছত কেইবাজনো যাত্ৰীয়ে ৰে’লৰ পৰা জাপ দিয়াত আনটো ট্ৰেকেৰে আহি থকা কৰ্ণাটক এক্সপ্ৰেছৰ খুন্দাত যাত্ৰী কেইজনৰ মৃত্যু হয়।
ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলত উপস্থিত হৈছে কেইবাটাও উদ্ধাৰকাৰী দল। হতাহতৰ সংখ্যা নিশ্চিত কৰাৰ লগতে উৰাবাতৰি বিয়পোৱা সকলক চিনাক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।