ৰাজস্থানৰ জয়পুৰৰ এটা ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। এই ঘটনাত এটা পৰিয়ালৰে পাঁচজন লোকৰ মৃত্যু হোৱা ঘটনাই ৰাজ্যজুৰি শোকৰ ছাঁ পেলাইছে। জানিব পৰা অনুসৰি, জয়পুৰৰ মনোহৰপুৰ-দোছা ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰেইলৰ আৰু চাৰিচকীয়া বাহনৰ মাজত হোৱা সংঘৰ্ষৰ ফলতেই এই কৰুণ ঘটনাটো সংঘটিত হয়।
দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকসকলৰ ভিতৰত আছে এটি ১২ মহীয়া শিশু আৰু দুগৰাকী মহিলা। চাৰিচকীয়া বাহনখনত থকা লোকসকলে খাটু শ্যাম মন্দিৰ দৰ্শন কৰিবলৈ ৰাজস্থানলৈ আহিছিল।
প্ৰত্যক্ষদৰ্শীয়ে বৰ্ণনা কৰা অনুসৰি দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে সংঘৰ্ষৰ পিছত ট্ৰেইলৰখন পথৰ পৰা বাগৰি পৰে আৰু চাৰিচকীয়া বাহনখনৰ পৰা মৃতদেহ উলিয়াবলৈ যথেষ্ট কষ্টৰ সন্মুখীন হয় আৰক্ষীৰ লগতে উদ্ধাৰকাৰী দল।
ইফালে আৰক্ষীয়ে জানিব দিয়া অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনাটো দেওবাৰে পুৱা প্ৰায় ৮ বজাত সংঘটিত হৈছে। এই পৰিয়ালটোৱে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ পৰা ৰাজস্থান ফুৰিবলৈ অহা বুলিও উল্লেখ কৰে আৰক্ষী বিষয়াগৰাকীয়ে।