মহাৰাষ্ট্ৰৰ সোলাপুৰ চহৰৰ আক্কলকোট ৰোডৰ এম আই ডি চি এলেকাৰ এটা কাৰখানাত ব্যাপক অগ্নিকাণ্ড সংঘটিত হৈছে। তথ্য অনুসৰি পুৱা প্ৰায় ৩ বজাত কেন্দ্ৰীয় উদ্যোগৰ কাৰখানাত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়।
প্ৰাথমিক তথ্য অনুসৰি, অগ্নিকাণ্ডত ১ বছৰীয়া এটি শিশুও আবদ্ধ হৈ পৰিছে। এই পৰ্যন্ত অগ্নিনিৰ্বাপক বাহিনীয়ে সংকটজনক অৱস্থাত তিনিজন লোকক উদ্ধাৰ কৰিছে।
এতিয়ালৈকে ৫-৬ জন মানুহ কাৰখানাত আবদ্ধ হৈ আছে। আৱদ্ধ হৈ থকাসকলৰ ভিতৰত কাৰখানাটোৰ স্বত্তাধিকাৰী আৰু তেওঁৰ পৰিয়ালৰ লোক। লোকসকল হৈছে ৭৮ বছৰীয়া উছমানভাই মঞ্চুৰি, ২৪ বছৰীয়া আনাছ মঞ্চুৰি, ২৩ বছৰীয়া ছিফা মঞ্চুৰি আৰু এবছৰীয়া শিশু ইউছুফ মঞ্চুৰি।
বৃহৎ সংখ্যক অগ্নিনিৰ্বাপক বাহিনীৰ দল সেই স্থানত উপস্থিত হোৱাৰ লগতে বৃহৎ সংখ্যক আৰক্ষী বাহিনীও মোতায়েন কৰা হৈছে। অৱশ্যে স্থানীয় লোকে অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলত পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে।