নীতি আয়োগৰ বৈঠকত কৰ্তন কৰা হ’ল মমতা বেনাৰ্জীৰ মাইক্ৰ’ফোন। শাসকীয় দলৰ মুখ্যমন্ত্ৰীক প্ৰায় ১৫ৰ পৰা ২০ মিনিটকৈ ক’বলৈ সুযোগ দিয়া হ’ল। অৱশ্যে, মমতা বেনাৰ্জীয়ে ৫ মিনিট সময় ভাষণ দিয়াৰ লগে-লগে কৰ্তন কৰা হ’ল মাইক্ৰ’ফোন। যাৰবাবে নীতি আয়োগৰ বৈঠক বৰ্জন কৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। অপমান কৰাৰ অভিযোগ তুলি নীতি আয়োগৰ বৈঠক বৰ্জন কৰে মমতা বেনাৰ্জীয়ে।
শুকুৰবাৰে নীতি আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠকত বিশেষ আলোচনা অনুষ্ঠিত হৈছে। বৈঠকত ‘বিকশিত ভাৰত ২০৪৭’ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হৈছে। যদিও বহুতো ৰাজ্যই ইয়াত অংশগ্ৰহণ কৰা নাই। বিৰোধীৰ আসনৰ পৰা কেৱল পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বৈঠকত উপস্থিত আছিল।
লগতে, মমতা বেনাৰ্জীয়ে কেন্দ্ৰীয় চৰকাৰে বংগৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰি কয়, ‘মোক মাত্ৰ পাঁচ মিনিটৰ বাবে কথা ক’বলৈ অনুমতি দিয়া হৈছে। বাকী মুখ্যমন্ত্ৰীসকলক ২০ মিনিটৰ বাবে কথা ক’বলৈ অনুমতি দিয়া হৈছিল। সেইকাৰণে মই বৈঠকৰ পৰা ওলাই আহিছো। চন্দ্ৰবাবু নাইডুক ২০ মিনিটৰ বাবে কথা ক’বলৈ অনুমতি দিয়া হৈছিল। অসম, গোৱা, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীসকলক ১০-১২ মিনিটৰ বাবে বক্তব্য ৰাখিবলৈ সুবিধা প্ৰদান কৰা হৈছিল।
লগতে তেওঁ পুনৰ কয়, পশ্চিম বংগই বাজেটত একো পোৱা নাই। বৈঠকত মই পশ্চিম বংগৰ বিৰুদ্ধে বৈষম্যৰ বিষয়ে কোৱা আৰম্ভ কৰাৰ লগে লগে মোৰ মাইক্ৰ’ফোন বন্ধ কৰি দিয়া হৈছিল।
উল্লেখ্য যে, বৈঠকত কৰ্ণাটক, কেৰালা, তামিলনাডু, হিমাচল প্ৰদেশ, পঞ্জাৱ, দিল্লী, অসম আদি ৰাজ্যই অংশগ্ৰহণ কৰিছে।