কৰ্ণাটকৰ মাংগালুৰুৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। এখন ক্ৰিকেট খেলৰ সময়ত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান দিয়া এজন লোকক ২৫ জনতকৈ অধিক লোকৰ এটা দলে প্ৰহাৰ কৰি হত্যা কৰে। ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাত জড়িত ১৫ জন লোকক গ্ৰেপ্তাৰ কৰিছে।
এই তথ্য প্ৰদান কৰে আৰক্ষীয়ে। এই ঘটনা সংঘটিত হৈছে মাংগালুৰু চহৰৰ সমীপৰ কুডুপু গাঁৱত।
শীৰ্ষ আৰক্ষী বিষয়াই জানিব দিয়া অনুসৰি, ২৭ এপ্ৰিলৰ দুপৰীয়া প্ৰায় ৩ বজাত ভাত্ৰা কল্লুৰ্তী মন্দিৰৰ সমীপত এই ঘটনা সংঘটিত হৈছে। হত্যাৰ বলি হোৱা লোকজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। ভুক্তভোগী লোকজনক কেইবাজনো লোকৰ এটা দলে লাঠীৰে মৰিয়াই মৰিয়াই হত্যা কৰে।
ইফালে এই নৃশংস ঘটনাৰ পিছতেই কৰ্ণাটকৰ গৃহমন্ত্ৰী জী পৰমেশ্বৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘এটা উন্মত্ত দলে এজন লোকক মৰিয়াই মৰিয়াই হত্যা কৰাৰ কথা পোহৰলৈ আহিছে। লোকজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। এখন স্থানীয় মেচ চলি থকাৰ সময়ত লোকজনে পাকিস্তান জিন্দাবাদ ধ্বনি দিছিল। ইয়াৰ পিছতেই একাংশ লোকে তেওঁক নিৰ্মমভাৱে প্ৰহাৰ কৰে আৰু পিছত লোকজনৰ মৃত্যু হয়। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ১০-১২ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে।’
এই ঘটনাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ লগতে লোকসকলক শানন্তি আৰু সম্প্ৰীতি বজাই ৰাকিবলৈ আহ্বান জনাই গৃহ মন্ত্ৰীগৰাকীয়ে।