উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে দিল্লী সুৰা কেলেংকাৰী গোচৰত ১৭ মাহৰ অন্তত আম আদমী পাৰ্টিৰ নেতা মনীষ চিছোদিয়াক জামিন প্ৰদান কৰে।
মনীষ চিছোদিয়া ১৭ মাহ কাৰাগাৰত আছিল বুলি উল্লেখ কৰি ন্যায়াধীশ বি আৰ গাভাই আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে কয় যে, আপ নেতাজনক বিচাৰ আদালত আৰু উচ্চ ন্যায়ালয়ৰ দ্ৰুত বিচাৰৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে।
আদালতে কয়, প্ৰায় ১৭ মাহ ধৰি চলি থকা দীঘলীয়া কাৰাবাস আৰু বিচাৰ আৰম্ভ নোহোৱাৰ বাবে চিছোদিয়াক দ্ৰুত বিচাৰৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে।
উল্লেখ্য যে, শীৰ্ষ ন্যায়ালয়ৰ পূৰ্বে চিছোদিয়াক নিম্ন আদালত আৰু তাৰ পিছত উচ্চ ন্যায়ালয় আৰু তাৰ পিছত উচ্চতম ন্যায়ালয়লৈ আহিবলৈ নিৰ্দেশ দিছিল।
শীৰ্ষ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি, তেওঁ নিম্ন আদালত আৰু উচ্চ আদালতত আবেদন দাখিল কৰিছিল কিন্তু তাৰ পৰা তেওঁ কোনো সকাহ পোৱা নাছিল। ইয়াৰ পিছত তেওঁ উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হৈছিল।
ন্যায়াধীশ বি আৰ গাভাই আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে ১৭ মাহৰ পিছত চিছোদিয়াক জামিন প্ৰদান কৰিছিল।
ইফালে, চিছোদিয়াই জামিন লাভ কৰাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে। তেওঁ কয়, দিল্লীৰ জনসাধাৰণৰ বাবে, আম আদমী পাৰ্টীৰ বাবে এয়া এক ডাঙৰ সকাহ।
এতিয়া অৰবিন্দ কেজৰিৱাল আৰু সতীন্দ্ৰ জৈনৰ বাবে সোনকালেই ন্যায়ৰ পথ মুকলি হ’ব।
লগতে কয়, দেশৰ প্ৰধানমন্ত্ৰীয়ে মনীষ চিছোদিয়াৰ জীৱনৰ ১৭ মাহৰ অপচয়ৰ বিৱৰণ দিব নেকি? মনীষ চিছোদিয়াৰ ঘৰৰ পৰা এটা টকাও উদ্ধাৰ কৰা হোৱা নাছিল। আম আদমী পাৰ্টিৰ কৰ্মীসকলৰ বাবে এইটো এটা ডাঙৰ সকাহ আৰু সকলো ভাল হ’ব আৰু সোনকালেই আমাৰ আন দুজন নেতাও মুকলি আকাশৰ তললৈ আহিব বুলি মন্তব্য কৰে সঞ্জয় সিঙে।”
আনহাতে, উচ্চতম ন্যায়ালয়ে জামিন দিলেও কিছু বাধ্যবাধকতা থাকিব চিছোদিয়াৰ ক্ষেত্ৰত। প্ৰতি সোমবাৰে আদালতত হাজিৰ হ’ব লাগিব চিছোদিয়া। যাব নোৱাৰিব দেশৰ বাহিৰলৈও। ন্যায়ালয়ত জমা দিব লাগিব পাছপোৰ্ট। আনকি, দিল্লীৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ যোৱাতো বাধা আৰোপ কৰিছে উচ্চতম ন্যায়ালয়ে।