হঠাৎ অসুস্থ হৈ পৰিছে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছে। তেওঁ বৰ্তমান জৰুৰীকালীন বিভাগত চিকিসাধীন হৈ আছে।
হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক হাস্পতাললৈ লৈ যোৱা হয়। তেওঁৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা সেই বিষয়ে এতিয়ালৈকে আনুষ্ঠানিক ঘোষণা কৰা নাই।
জানিব পৰা অনুসৰি, এইমছৰ এটা বিশেষ চিকিৎসকৰ দলৰ নিৰীক্ষণত আছে মনমোহন সিং।
উল্লেখ্য যে, মনমোহন সিং দুবাৰকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল। ৯১ বছৰীয়া মনমোহন সিং দীৰ্ঘদিনৰ পৰা স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল। ইয়াৰ পূৰ্বেও তেওঁ বহুবাৰ হাস্পতালত ভৰ্তি হ’বলগীয়া হৈছিল।