বহু চেষ্টা কৰিও শান্তিৰ নোবেল বঁটা লাভ নকৰাত দুখী ট্ৰাম্পে হয়তো মাৰিয়া ক’ৰিনা মাচাডোৰ শেহতীয়া এক মন্তব্যত কিছু সান্ত্বনা লাভ কৰিছে। শান্তিৰ নোবেল বঁটা লাভ কৰা ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে এই বঁটা ভেনিজুৱেলাৰ “দুখীয়া” জনসাধাৰণ আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বাবে উৎসৰ্গা কৰে।
উল্লেখ্য যে, ট্ৰাম্পে শান্তিৰ নোবেল বঁটা লাভ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছিল। তেওঁ বাৰে বাৰে দাবী কৰিছিল যে তেওঁ বিশ্বজুৰি আঠখন যুদ্ধ বন্ধ কৰিছে। তেওঁৰ মধ্যস্থতাকাৰীতে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি হোৱা বুলিও কৃতিত্ব লৈছিল।
কিন্তু নোবেল বঁটা কমিটীয়ে শান্তি বঁটাৰ বাবে ট্ৰাম্পকে ধৰি ৩৩৮ জন ব্যক্তি আৰু সংগঠনক মনোনীত কৰিছিল। অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই মাৰিয়া ক’ৰিনা মাচাডোকে এই বঁটা প্ৰদান কৰা হয়।
নোবেল বঁটা লাভ কৰাৰ পিছত মাৰিয়াই ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয়, ‘মই এই বঁটা ভেনিজুৱেলাৰ নিপীড়িত জনসাধাৰণ আৰু আমাৰ প্ৰচেষ্টাক নিৰ্ণায়ক সমৰ্থন আগবঢ়োৱা ৰাষ্ট্ৰপতি ট্ৰাম্পক উৎসৰ্গা কৰিছো।’
তেওঁ লগতে লিখিছে যে এই সন্মানে স্বাধীনতাৰ যুঁজত একেলগে থিয় দিয়া সকলো ভেনিজুৱেলাৰ সংগ্ৰামক স্বীকৃতি দিয়ে।
উল্লেখ্য যে, ভেনিজুৱেলাৰ গণতন্ত্ৰ আৰু মানৱ অধিকাৰৰ হকে কৰা শান্তিপূৰ্ণ সংগ্ৰামৰ বাবে তেওঁক দিয়া হৈছে শান্তিৰ নোবেল বঁটা। মাচাডোৱে দীৰ্ঘদিন ধৰি ভেনিজুৱেলাত স্বৈৰাচাৰী ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলনৰ নেতৃত্ব দি আহিছিল।