আজি পুৱা মহাৰাষ্ট্ৰৰ নাগপুৰৰ সমীপৱৰ্তী ভাণ্ডাৰা জিলাৰ এটা অস্ত্ৰ-শস্ত্ৰ কাৰখানাত সংঘটিত হোৱা এক বৃহৎ বিস্ফোৰণত ৮ জন লোক নিহত হোৱাৰ লগতে ৭ জন আহত হয়।
জিলা দণ্ডাধীশ সঞ্জয় কোল্টেয়ে জনোৱা মতে, মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা জিলাত অৱস্থিত কাৰখানাটোত পুৱা প্ৰায় ১০.৩০ বজাত সংঘটিত হয় এই বিস্ফোৰণ। লগে লগে ঘটনাস্থলত অগ্নিনিৰ্বাপক বাহিনী, উদ্ধাৰকাৰী দলৰ লগতে চিকিৎসকৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়।
ইফালে ভাণ্ডাৰাৰ অস্ত্ৰ-শস্ত্ৰ কাৰখানাত সংঘটিত হোৱা বিস্ফোৰণৰ তথ্য প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কয়, ‘ভাণ্ডাৰাৰ অস্ত্ৰ-শস্ত্ৰ কাৰখানাত এক বৃহৎ বিস্ফোৰণ ঘটিছে। প্ৰাথমিক তথ্য অনুসৰি এই ঘটনাত ৮ জন লোকৰ মৃত্যু হৈছে আৰু ৭ জন আহত হৈছে।’
কোল্টে কয় যে বিস্ফোৰণৰ সময়ত কাৰখানাৰ চাদখন ভাঙি যায় আৰু ইয়াৰ তলত কমেও ১২ জন লোক আৱদ্ধ হৈ পৰে। ইয়াৰে দুজনক উদ্ধাৰ কৰাৰ লগতে এক্সকেভেটৰৰ সহায়ত ধ্বংসাৱশেষ আঁতৰোৱাৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।
উল্লেখ্য যে, বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে ৫ কিলোমিটাৰ দূৰলৈকে ইয়াৰ শব্দ শুনা গৈছিল।