বৰ্তমান সময়ত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এগৰাকী ‘ডিজিটেল মডেল’ৰ অতি আচহুৱা আৰু আমনিদায়ক ছবি। আচলতে যে, যদি কোনো ব্যক্তিয়ে ছয় ঘণ্টা বা তাতকৈ কম সময় শুই থাকে, তেন্তে ২০৫০ চনৰ ভিতৰত তেওঁৰ চেহেৰা কেনেকুৱা হ’ব আৰু তেওঁৰ অৱস্থা কেনেকুৱা হ’ব, সেয়া এই ছবিবোৰৰ জৰিয়তে মানুহক জনোৱাৰ প্ৰয়াস কৰা হৈছে।
টোপনি বিশেষজ্ঞ ডাঃ ছফী বষ্টকে ‘হান্না’ নামেৰে এই মডেলটো তৈয়াৰ কৰি দেখুৱাইছে যে, যদি কোনোবাই প্ৰতি নিশা মাত্ৰ ৬.৫ ঘন্টা বা তাতকৈ কম সময় শুৱে, তেন্তে তেওঁৰ শৰীৰত কি পৰিৱৰ্তন হ’ব আৰু ইয়াৰ ফলাফল হ’ব অতি ভয়ংকৰ।
দীৰ্ঘদিনীয়া কঁকালৰ বিষ, ছাল শোঁতোৰা পৰা, পাতল চুলি, ভৰি ফুলা আৰু চকু ৰঙা হোৱা ভৱিষ্যতৰ এগৰাকী ৪৫ বছৰীয়া ব্ৰিটিছ মহিলা হিচাপে ডিজাইন কৰা হৈছে ‘হান্না’। মহিলাগৰাকীৰ হাত-ভৰিও খুব ক্ষীণ দেখা গৈছে। একে সময়তে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ বাবে ফ্লু হোৱাৰো আশংকা থাকে।
টোপনি বিশেষজ্ঞসকলে কয় যে, প্ৰাপ্তবয়স্কসকলে নিশা কমেও ৭ৰ পৰা ৯ ঘণ্টা টোপনি ল’ব লাগে বুলি পৰামৰ্শ দিয়ে আৰু যিসকলে তেনে নকৰে তেওঁলোকৰ স্বাস্থ্যজনিত সমস্যাৰ আশংকা সৰ্বাধিক। ১৯খন গৱেষণা পত্ৰৰ আধাৰত তেওঁ ‘হান্না’ৰ ডিজাইন কৰিছে, য’ত টোপনিৰ অভাৱৰ প্ৰভাৱৰ ওপৰত অধ্যয়ন কৰা হৈছে।
বিশেষকৈ আধুনিক জীৱনশৈলী আৰু স্মাৰ্টফোনৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ বাবে এই বিপদ বহু পৰিমাণে বৃদ্ধি পাইছে, কাৰণ ইয়াৰ বাবেই এতিয়া মানুহে পূৰ্বতকৈ কম ঘণ্টা শুই আছে। এক গৱেষণা অনুসৰি, যদি মানুহে এই ধৰণৰ জীৱনশৈলী আগুৱাই লৈ যায়, তেন্তে ২০৫০ চনৰ ভিতৰত নিৰন্তৰ টোপনিৰ অভাৱৰ বাবে তেওঁলোকে বহু ধৰণৰ দীৰ্ঘদিনীয়া স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব, যাৰ সন্মুখীন হৈছে ভৱিষ্যতৰ ‘হান্না’।
গৱেষণাৰ পৰা দেখা গৈছে যে যেতিয়া হান্নাই ৪৫ বছৰ সম্পূৰ্ণ কৰিব তেতিয়া নিৰন্তৰ টোপনিৰ অভাৱৰ বাবে তেওঁ ইমানেই ভাগৰুৱা অনুভৱ কৰিব যে, তেওঁ ব্যায়াম কৰিব নোৱাৰিব, যাৰ ফলত তেওঁৰ শাৰীৰিক কাৰ্য্যকলাপ ক্ৰমান্বয়ে কমি যাব আৰু তেওঁৰ ওজন বহু পৰিমাণে বৃদ্ধি পাব। বিশেষকৈ পেটৰ চাৰিওফালে যথেষ্ট চৰ্বি জমা হ’ব।
কেৱল এয়াই নহয়, টোপনিৰ অভাৱে তেওঁৰ হৰম’নতো বিৰূপ প্ৰভাৱ পেলাব, যিয়ে ভোক আৰু তৃপ্তি নিয়ন্ত্ৰণ কৰে। এনে অৱস্থাত হান্নাৰ ভোক বাঢ়িব।ইয়াৰ ফলত ভৱিষ্যতে মেদবহুলতা, হৃদৰোগ আৰু টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনাও বৃদ্ধি পাব।