আমেৰিকাৰ কিংবদন্তি বক্সাৰ মাইক টাইছনৰ জনপ্ৰিয়তা কথা বাৰু কোনে নেজানে? কেইবাটাও দশক ধৰি নিজৰ দুৰ্দান্ত প্ৰৰ্দশনৰে অভিভূত কৰি আহিছিল ক্ৰীড়া অনুৰাগী সকলক। এনে এজন তাৰকাৰ খেল উপভোগ কৰিবলৈ আজিও আগ্ৰহ, প্ৰত্যেক খেল অনুৰাগীৰ।
শেহতীয়াকৈ তাৰকা গৰাকীয়ে কিয় ল’লে এনে সিদ্ধান্ত আৰু ক’ত অনুষ্ঠিত হ’ব ৫৮ বছৰীয়া মাইক টাইছনৰ ৰোমাঞ্চকৰ মেটছখন?
শাৰীৰিক অসুস্থতাৰ বাবে দীৰ্ঘদিন ধৰি ৰিঙত অৱতীৰ্ণ হ’ব পৰা নাছিল আমেৰিকান বক্সাৰ গৰাকী। পিছে পুনৰ গ্ল’ভছ পিন্ধিবলৈ লোৱা খবৰে আলোড়িত কৰিছে ক্ৰীড়া অনুৰাগীক। বিশ্বৰ ভিতৰতে এগৰাকী শক্তিশালী বক্সাৰ হিচাপে পৰিগণিত হোৱা খেলুৱৈগৰাকীৰ এনে পদক্ষেপত বৰ্তমান বিপদৰ সন্মুখীন হোৱাৰো আশংকা প্ৰকাশ কৰিছে অনুৰাগীয়ে। অৱশ্যে দীৰ্ঘদিন বিৰতিৰ পিছত পুনৰ আশাব্যঞ্জক খবৰ পোহৰলৈ অহাৰ পিছতে অধিৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে অনুৰাগী সকলে ।
১৮ আগষ্ট দেওবাৰে সংবাদ মাধ্যমত দিয়া এক মন্তব্য অনুসৰি, যেতিয়া মাইক টাইছনক জেক পলৰ লগত কিয় যুঁজিব বিচাৰে বুলি সোধা হৈছিল, তেতিয়া তেওঁ অহংকাৰেৰে উত্তৰ দিছিল, “কাৰণ মই পাৰিম। মোৰ বাহিৰে আন কোনোবা আছেনে যিয়ে এই কাম কৰিব পাৰে? এই খেলত মোৰ বাহিৰে আৰু কোনে যুঁজিব?”
টাইছন আৰু পলৰ মাজত এই মেচখন ইয়াৰ পূৰ্বে ২০ জুলাইত অনুষ্ঠিত হ’বলগীয়া আছিল। টাইছনৰ শাৰীৰিক অসুস্থতাৰ বাবে বাতিল কৰিবলগীয়া হৈছিল খেলখন। যাৰ পৰিপেক্ষিতত এই মেচখন পুনৰ ১৫ নৱেম্বৰত টেক্সাছৰ আৰ্লিংটনৰ এ টি এণ্ড টি ষ্টেডিয়ামত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। বিষয় সন্দৰ্ভত মাইক টাইছনে কয় যে, তেওঁৰ এতিয়া ভাল লাগিছে আৰু ২ বা ৩ সপ্তাহৰ আগতে তেওঁ অনুশীলন আৰম্ভ কৰিছিল। এই মেচৰ বাবে সম্পূৰ্ণৰূপে সাজু বুলি সদৰি কৰে খেলুৱৈ গৰাকীয়ে।