প্ৰধানমন্ত্ৰী মোদীয়ে দেওবাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুখ্য কাৰ্যালয় কেশৱ কুঞ্জত উপস্থিত হয়। আৰ এছ এছৰ প্ৰতিষ্ঠাপক কেশৱ বলিৰাম হেডগেৱাৰ আৰু দ্বিতীয় সহ-সংঘচালক মাধৱ সদাশিৱ গোলৱালকাৰ (গুৰুজী)ৰ স্মৃতি মন্দিৰ পৰিদৰ্শন কৰি তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
লগতে তেওঁ আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতকো সাক্ষাৎ কৰে। ইয়াৰ পিছত তেওঁ দীক্ষা ভূমিত বাবা চাহেবকো শ্ৰদ্ধাঞ্জলি জনায়।
ইফালে, শিৱসেনা-(ইউবিটি)ৰ নেতা সঞ্জয় ৰাউতে প্ৰধানমন্ত্ৰীৰ নাগপুৰ ভ্ৰমণক আক্ৰমণ কৰি ছেপ্টেম্বৰ মাহত প্ৰধানমন্ত্ৰী মোদীয়ে অৱসৰ ল’ব বুলি দাবী কৰে।
সঞ্জয় ৰাউতে কয় যে, মোদীৰ পৰৱৰ্তী উত্তৰাধিকাৰী মহাৰাষ্ট্ৰৰ পৰাই হ’ব আৰু সংঘই এই সিদ্ধান্ত ল’ব। সংঘই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবেও সিদ্ধান্ত ল’ব।
ৰাউতে লগতে কয় যে, আৰ এছ এছৰ বিষয়ে তেওঁ দুটা কথাই বুজি পাইছে। প্ৰথমতে, সংঘ পৰিয়ালে দেশৰ নেতৃত্বৰ পৰিৱৰ্তন বিচাৰে। দ্বিতীয়তে, প্ৰধানমন্ত্ৰী মোডী এতিয়া সময় শেষ হৈ গৈছে আৰু দেশে তেওঁৰ পৰিৱৰ্তন বিচাৰে।
ইফালে ৰাউতৰ এই অভিযোগ খণ্ডন কৰিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাডনৱীছে। তেওঁ কয় যে, ২০২৯ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই হ’ব।