জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ এটা দলে ২৮ গৰাকীকৈ ভাৰতীয় পৰ্যটকক নৃশংসভাৱে হত্যা কৰা ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ হাফিজে। ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি এই ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে মহম্মদ হাফিজে।
ছ’চিয়েল মিডিয়াৰ জৰিয়তে মহম্মদ হাফিজে লিখিছে, ‘দুখজনক আৰু হৃদয় বিদাৰক।’ মহম্মদ হাফিজৰ এই পোষ্টটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। মহম্মদ হাফিজৰ উপৰি দেশখনৰ প্ৰাক্তন ক্ৰিকেটাৰ দানিশ কানেৰিয়াইও পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে।
উল্লেখ্য যে, ভাৰতীয় ক্ৰিকেটাৰসকলেও পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰি ক্ষোভ প্ৰকাশ কৰিছে। ইফালে আই পি এলৰ সময়ত খেলুৱৈসকলে ক’লা বেণ্ড পিন্ধি এই ঘটনাক গৰিহণা দিয়ে।
ইফালে এই নৃশংস সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিধে বুধবাৰে কৈছিল, ‘কাশ্মীৰৰ পেহেলগামত সংঘটিত কাপুৰুষালী সন্ত্ৰাসবাদী আক্ৰমণত জড়িতসকলক অদূৰ ভৱিষ্যতে উপযুক্ত উত্তৰ দিয়া হ’ব আৰু ভাৰতে এনে কোনো সন্ত্ৰাসবাদী কাৰ্যকলাপৰ প্ৰতি ভয় নাখায়।’
উল্লেখ্য যে, মঙলবাৰে জম্মু-কাশ্মীৰৰ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে দেশবাসী শোকস্তব্ধ হৈ পৰিছিল। আৰু ইয়াৰ পিছতে বুধবাৰে অনুষ্ঠিত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট (চিচিএছ) বৈঠকত পাকিস্তানৰ বিৰুদ্ধে ডাঙৰ কূটনৈতিক সিদ্ধান্ত গ্ৰহণ কৰিছিল ভাৰতে।
ভাৰতৰ সিদ্ধান্তসমূহ
পাকিস্তানৰ সৈতে সিন্ধু চুক্তি বাতিল
বন্ধ কৰি দিয়া হ’ল আটাৰী সীমান্ত
পাকিস্তানী নাগৰিকৰ ভিছা বাতিল
পাকিস্তানী নাগৰিকক আৰু দিয়া নহ’ব ভিছা
৪৮ ঘণ্টাৰ ভিতৰত পাকিস্তান নাগৰিকক ভাৰত ত্যাগ কৰাৰ নিৰ্দেশ
পাকিস্তানী দূতাবাস বন্ধ কৰাৰ নিৰ্দেশ