বহুতে ভাবে যে মহিলাসকলৰ মনটো বুজা অসম্ভৱ৷ মহিলাসকলৰ মনত কি চলি আছে সেয়া এক ৰহস্যতকৈ কম নহয়৷ কেতিয়াবা যথেষ্ট জটিল আৰু বুজিব নোৱাৰা যেন লাগে৷ সেয়ে এই সন্দৰ্ভত ডাঃ মনন ভোৰাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ৰ জৰিয়তে কয় যে, ঋতুচক্ৰৰ সময়ত হৰম’নৰ উঠা-নমা অনুভৱ কৰাৰ কাৰণে মহিলাসকলৰ মুড চুইংছ এক স্বাভাৱিক প্ৰতিক্ৰিয়া৷
ডাঃ মনন ভোৰাই কয় যে, পিৰিয়ডৰ আগতে ইষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰনৰ মাত্ৰা কমি যায়৷ ইয়াৰ উপৰিও চেৰ’টনিনৰ মাত্ৰাও উঠা-নমা হয়৷ ইয়াৰ ফলত মহিলাসকলৰ কিছুমান খাদ্যৰ প্ৰতি লোভ, পেট ফুলা, মূৰৰ বিষ আৰু বিৰক্তিৰ সৃষ্টি হ’ব পাৰে৷
মুড চুইংছৰ পৰা ৰেহাই পাবলৈ এই ৫ অভ্যাস গঢ়ি তুলিব লাগে-
১. মদ্যপান পৰিহাৰ কৰা উচিত
মদ্যপান স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক, মাহেকীয়াৰ সময়ত সুৰা সেৱন কৰিলে মহিলাৰ মুড চুইংছৰ পৰিৱৰ্তন আৰু অধিক বৃদ্ধি পাব পাৰে৷ মদ্যপান পৰিহাৰ কৰিলে আৱেগক শান্ত কৰি ৰখা আৰু ইয়াক বৰ্তাই ৰখাত বহুখিনি সহায় হয়৷
২. চেনিৰ সেৱন কমাব লাগে
অত্যধিক চেনি বা মিঠা বস্তু সেৱন কৰিলে, হঠাতে শক্তিৰ মাত্ৰা বৃদ্ধি হয় যিয়ে মনৰ পৰিস্থিতি বেয়া মাত্ৰালৈ লৈ যাব পাৰে৷ ইয়াৰ বাবে মিঠা খাদ্যৰ পৰিৱৰ্তে সুষম আহাৰ গ্ৰহণ কৰাটো ভাল যাতে শক্তিৰ মাত্ৰা আৰু মন স্থিৰ হৈ থাকে৷
৩. জিৰণি লোৱাৰ প্ৰয়োজন
মহিলালকলৰ আৱেগিক সুস্থতাৰ বাবে এটা ভাল আৰু শিথিল টোপনি অতি গুৰুত্বপূৰ্ণ৷ ই হৰম’ন নিয়ন্ত্ৰণ কৰাত আৰু মনত পৰিৱৰ্তনৰ প্ৰভাৱ কমোৱাত সহায় কৰে৷
৪. ব্যায়াম কৰা উচিত
নিয়মিত শাৰীৰিক ব্যায়ামে এণ্ড’ৰ্ফিন নিৰ্গত কৰে, যাক হেপি হৰম’ন বুলি জনা যায়, যিয়ে স্বাভাৱিকতে আপোনাৰ মেজাজ বৃদ্ধি কৰিব পাৰে আৰু মানসিক চাপৰ বিৰুদ্ধে যুঁজিব পাৰে৷ দৈনিক স্বাভাৱিক খোজ কঢ়া বা যোগাসনৰ অধিবেশনে যথেষ্ট পাৰ্থক্য আনিব পাৰে৷
৫. লিখাৰ অভ্যাস কৰা উচিত
আমাৰ চিন্তা আৰু অনুভৱ লিখি থ’লে সময়ৰ লগে লগে মনৰ পৰিস্থিতিৰ সুস্থিৰ হয়৷ ইয়াৰ দ্বাৰা মনটো বুজি পোৱাত আৰু ফলপ্ৰসূ মোকাবিলা কৌশল বিচাৰি উলিওৱাত সহায়ক হ’ব পাৰে৷