উত্তৰ প্ৰদেশৰ মুৰাদাবাদৰ ভোজপুৰ থানা এলেকাৰ পৰা পোহৰলৈ আহিছে লাভ জেহাদৰ এক চাঞ্চল্যকৰ গোচৰ। অন্য সম্প্ৰদায়ৰ এজন যুৱকে এগৰাকী হিন্দু ছাত্ৰীক প্ৰবঞ্চনাৰে প্ৰেমৰ জালত পেলায়। লগতে যুৱতীগৰাকীক অপহৰণ কৰিবলৈও চেষ্টা চলায়।
পৰিয়ালৰ অভিযোগৰ ভিত্তিত ক্ষিপ্ৰতাৰে কাম কৰি আৰক্ষীয়ে নিৰাপদে যুৱতীগৰাকীক উদ্ধাৰ কৰি অভিযুক্তৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে অভিযুক্ত গৰাকীয়ে অঞ্চলটোৰ এক শক্তিশালী ব্যক্তিত্ব বুলি জানিব পৰা গৈছে। যেতিয়া পৰিয়ালটোৱে নিজৰ কন্যাক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে, তেতিয়া অভিযুক্ত আৰু তেওঁৰ পৰিয়ালে হিংসাৰ আশ্ৰয় লয়। এতিয়া আৰক্ষীয়ে তেওঁক জিম্মাত লৈছে।
খবৰ অনুসৰি ভোজপুৰ থানা এলেকাৰ জয়তপুৰৰ এগৰাকী কৃষকৰ কন্যা মোৰাদাবাদৰ হিন্দু মহাবিদ্যালয়ৰ বি এ ছাত্ৰী। একেখন গাঁৱৰ বাসিন্দা নাজাকাতৰ পুত্ৰ চেলিমে প্ৰেমৰ জালত পেলাই পলুৱাই নিয়ে। ঘটনা সন্দৰ্ভত অভিযোগ কৰিবলৈ অভিযুক্তৰ ঘৰলৈ যোৱাৰ সময়ত অভিযুক্তৰ ভাতৃ খালিদে তেওঁলোকক গালি-গালাজ আৰু আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে।
স্থানীয় আৰক্ষী থানাত অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে। আৰক্ষীয়ে অভিযুক্ত চেলিম, তেওঁৰ ভাতৃ খালিদ আৰু অচিনাক্ত ব্যক্তি এগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। ইয়াৰ কিছু সময়ৰ পাছতে আৰক্ষীয়ে যুৱতীগৰাকীক উদ্ধাৰ কৰে।










