No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- আজিৰে পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশন । নৱমবাৰৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰিব বাজেট। পহিলা ফেব্ৰুৱাৰীত দাখিল কৰা হ’ব বাজেট। সংসদৰ এই বাজেট অধিৱেশন দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। ৰাষ্ট্ৰপতিৰ ভাষণেৰে আৰম্ভ হ’ব প্ৰথম দিনৰ কাৰ্যসূচী।২ এপ্ৰিললৈকে চলিব এই অধিৱেশন।
- অসম কেবিনেটত গ্ৰহণ কৰা হৈছে কেইবাটাও ডাঙৰ সিদ্ধান্ত। পঞ্চায়ত সদস্যৰ স্বাস্থ্যসেৱা নিশ্চিতকৰণ কৰা হৈছে। কেবিনেটে পঞ্চায়তৰ সদস্যসকলক তেওঁলোকৰ চিকিৎসাৰ ক্ষেত্ৰত চিকিৎসা ব্যয় পৰিশোধৰ সুবিধা প্ৰদান কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই আঁচনিৰ জৰিয়তে ৩০,০০০ ৰ অধিক পঞ্চায়ত সদস্য উপকৃত হ’ব।
- অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মিঞা সন্দৰ্ভত কৰিছে এক বিস্ফোৰক মন্তব্য। বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত ৰাজ্যত ৪ৰ পৰা -৫ লাখ ‘মিঞা’ ভোটাৰৰ সংখ্যা হ্ৰাস কৰা হ’ব বুলি এক ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। তেওঁ দাবী কৰে যে তেওঁৰ প্ৰধান কামেই হৈছে ‘মিঞা হাৰাশাস্তি দিয়া’। লগতে এনে ভোটাৰে বাংলাদেশতহে ভোট দিব লাগে বুলি কয় মুখ্যমন্ত্ৰীয়ে।
- আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ গ্ৰীণলেণ্ডক লৈ চলি থকা বিতৰ্কৰ মাজতে ইউৰোপীয় সংঘই ভাৰতৰ সৈতে এক গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা আৰু নিৰাপত্তা চুক্তিত স্বাক্ষৰ কৰিছে। এই চুক্তিৰ অধীনত ইউৰোপীয় ইউনিয়ন আৰু ভাৰতে সামুদ্ৰিক সুৰক্ষা, চাইবাৰ সুৰক্ষা, সন্ত্ৰাসবাদ বিৰোধী, আৰু মহাকাশৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে সন্মত হৈছে। এই প্ৰতিৰক্ষা আৰু নিৰাপত্তা অংশীদাৰিত্ব ২৭ জানুৱাৰীত স্বাক্ষৰ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু ইউৰোপীয় আয়োগৰ উচ্চ প্ৰতিনিধি কাজা কল্লাছে। লগতে এই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ইউৰোপীয় ইউনিয়নৰ ৰাষ্ট্ৰপতি এণ্টনিঅ’ কোষ্টা আৰু ইউৰোপীয় আয়োগৰ আয়ুক্ত উৰ্চুলা ভন ডেৰ লেয়েনেও উপস্থিত থাকে।
No Result
View All Result