No Result
View All Result
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
- মেদাম মে ফি হ’ল টাই আহোমসকলৰ ফুৰালুং ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ। এই উৎসৱৰ মূল উৎস হল পূৰ্বপুৰুষ উপাসনাতত্ত্ব যি পাছলৈ টাই জাতিৰ দাম-ফি পৰম্পৰা ৰূপে বিকাশ ঘটে। মে-ডাম-মে-ফী টাই আহোমসকলৰ ফুৰালুং ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ। এই উৎসৱত আহোমসকলে পূৰ্বপুৰুষ সকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে কামনা কৰে। বৰ্তমান সময়ত প্ৰতিবছৰে ৩১ জানুৱাৰীত উদযাপন কৰা হয়। প্ৰথম অৱস্থাত ইয়াক লাক-নি টাই মাহ ডুন-হা (মাৰ্চ-এপ্ৰিল)ত উদযাপন কৰা হৈছিল।
- পুৱাৰভাগতে সংঘটিত হৈছে ৰাজ্য জোঁকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা। শ্রীভূমি জিলাৰ বদৰপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথ পথ দুৰ্ঘটনা সংঘটিত হয়। থিতাতে প্ৰাণ হেৰুৱায় ৩গৰাকী যাত্ৰীয়ে। বদৰপুৰৰ ষ্টেচনৰ পৰা ১৭ গৰাকী ৰে’লৰ যাত্ৰী কঢ়িয়াই অনা ট্ৰেভেলাৰ বাহন এখন শ্রীগৌৰী বজাৰ এলেকাত এখন দ্ৰুতগামী ডাম্পাৰৰ খুন্দাত চুৰমাৰ হৈ যায়। বৰ্তমান উদ্ধাৰ অভিযান আৰম্ভ কৰে বদৰপুৰৰ আৰক্ষীয়ে। এই দুৰ্ঘটনাত ৩ গৰাকী যাত্ৰীয়ে প্ৰাণ হেৰুওৱাৰ লগতে বহু কেইজন লোক আহত হয়। বৰ্তমান আহতসকলক শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে।
- মাজুলীৰ ২ লক্ষ জনসাধাৰণৰ দীৰ্ঘদিনীয়া সপোন মাজুলী-যোৰহাট সংযোগী দলং।পূৰ্ণগতিত চলি আছে মাজুলীত নিৰ্মাণৰত উত্তৰ-অসম সংযোগী চেলেক আৰু ধনাগুৰি দুখন দলঙৰ কাম। প্ৰায় ৮০০ কোটি টকা ব্যয় সাপেক্ষে ১.৭০০ মিটাৰ দৈৰ্ঘ্যৰ দুয়োখন দলং নিৰ্মাণত ব্যস্ত হৈ আছে কৰ্মচাৰী। মাজুলীৰ যাতায়তৰ ক্ষেত্ৰত এক যুগান্তকাৰী পৰিবৰ্তন আনিব বুলি আশা কৰিছে মাজুলীৱাসী ৰাইজে।
- এন চি পিৰ নেতা তথা প্ৰয়াত অজিত পাৱাৰৰ পত্নী সুনেত্ৰা পাৱাৰ হব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী উপ-মুখ্যমন্ত্ৰী। আজি সন্ধিয়া ৭ বজাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব সুনেত্ৰা পাৱাৰে। অতি সাধাৰণভাৱে এই শপতগ্ৰহণ অনুষ্ঠিত হ’ব। কোনো ধৰণৰ বিশৃংখল ফুলৰ সজ্জা বা বিশেষ পোহৰৰ ব্যৱস্থা নাথাকিব লগতে অতিথিৰ সংখ্যাও হ’ব সীমিত। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত বিয়লিভাগত ডেৰাডুনৰ পৰা মুম্বাইলৈ উভতিব, য’ত সুনেত্ৰা পাৱাৰে শপত গ্ৰহণ কৰিব।
- বিমান পৰিবহণ খণ্ডত এক বৃহৎ আৰু আগ্ৰাসী পদক্ষেপৰ কথা ঘোষণা কৰি পুনৰবাৰ কানাডাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। সামাজিক মাধ্যমত এটা পোষ্টত ট্ৰাম্পে কানাডাক আমেৰিকাৰ বিমান নিৰ্মাতা কোম্পানী গালফষ্ট্ৰিমৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰি দুয়োখন দেশৰ মাজত অধিক বাণিজ্যিক উত্তেজনাৰ আশংকা সৃষ্টি কৰিছে।
No Result
View All Result