সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
বিধানসভা নিৰ্বাচনৰ বাবে ১২৪টা সমষ্টিৰ মনোনয়ন পৰীক্ষা সম্পন্ন। ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা নিৰ্বাচন আয়োগৰ।৮১৫ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছিল ১৩৮৯ খন মনোনয়ন পত্ৰ। ইতিমধ্যে বৰপেটা আৰু ঢেকিয়াজুলিৰ মনোনয়ন পত্ৰ পৰীক্ষণ স্থগিত ৰখা হৈছে। আজি দিনৰ ১১ বজালৈ স্থগিত ২ সমষ্টিৰ পৰীক্ষণ প্ৰক্ৰিয়া। ২৬ মাৰ্চৰ বিয়লি ৩ বজাৰ ভিতৰত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিব পাৰিব প্ৰাৰ্থীসকলে।
আগন্তুক বিধানসভা নিৰ্বাচনত কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ ৫টা বিধানসভা সমষ্টি ক্ৰমে জালুকবাৰী, নিউ গুৱাহাটী, গুৱাহাটী চেণ্ট্ৰেল, দিছপুৰ আৰু ডিমৰীয়া সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বাবে সৰ্বমুঠ ২৬ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল। ২৪ মাৰ্চত আটাইবোৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰা হয় আৰু ইয়াৰ পিছতেই কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াই আটাইকেইগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰে।উল্লেখযোগ্য যে অহা ৯ এপ্ৰিলত সমগ্ৰ ৰাজ্যতে ভোটগ্ৰহণৰ দিন ধাৰ্য কৰা হৈছে আৰু ৪ মে’ত ভোট গণনা কাৰ্য সম্পন্ন কৰা হ’ব।
আমেৰিকাৰ ভাৰতীয় মূলৰ উদ্যোগপতি কাল সোমানিয়ে ১.৬৩ বিলিয়ন মাৰ্কিন ডলাৰ বা ১৫ হাজাৰ কোটি টকাত ক্ৰয় কৰিছে IPLৰ অন্যতম দল ৰাজস্থান ৰয়েলছ।যাৰ বাবে প্ৰথমবাৰৰ বাবে আই পি এলৰ ফ্ৰেঞ্চাইজিৰ মূল্য এক বিলিয়ন মাৰ্কিন ডলাৰ অতিক্ৰম কৰে। খবৰ অনুসৰি সমগ্ৰ চুক্তিখন বিচিচিআইৰ অনুমোদনৰ বাবে অপেক্ষা কৰি আছে। যদিহে সেউজ সংকেত পায়, তেন্তে অহা কেইদিনমানৰ ভিতৰত এই চুক্তি আনুষ্ঠানিকভাৱে সম্পূৰ্ণ হ’ব পাৰে।











