সাংসদসকলৰ বাবে আহিল ভালখবৰ। কিয়নো সাংসদসকলৰ বৃদ্ধি পালে দৰমহা। ইয়াৰ সমান্তৰালভাৱে বৃদ্ধি পালে তেওঁলোকৰ পেঞ্চন আৰু দৈনিক ভাট্টাও।
সোমবাৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনা অনুসৰি, ২০২৩ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰই সংসদৰ সদস্যসকলৰ দৰমহা, ভাট্টা আৰু পেঞ্চন বৃদ্ধি কৰিছে।
ইফালে লোকসভা আৰু ৰাজ্যসভাৰ সদস্যৰ দৰমহা বৰ্তমান ১ লাখ টকাৰ পৰা প্ৰতিমাহে ১.২৪ লাখ টকালৈ বৃদ্ধি কৰাৰ বিপৰীতে দৈনিক ভাট্টা পূৰ্বৰ ২০০০ টকাৰ পৰা ২৫০০ টকালৈ বৃদ্ধি কৰা হৈছে বুলি এক অধিসূচনাত উল্লেখ কৰা হৈছে। প্ৰাক্তন সাংসদসকলক প্ৰদান কৰা পেঞ্চনও বৰ্তমান ২৫ হাজাৰ টকাৰ পৰা মাহে ৩১ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে বুলি অধিসূচনাত উল্লেখ কৰা হৈছে।
আকৌ ৫ বছৰৰ অধিক সেৱা আগবঢ়োৱা সাংসদৰ প্ৰতি বছৰৰ বাবে অতিৰিক্ত পেঞ্চন ২০০০ৰ পৰা ২৫০০ টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ পূৰ্বে ২০১৮ চনত তেওঁলোকৰ দৰমহা ১ লাখ টকা নিৰ্ধাৰণ কৰা হৈছিল।
ইয়াৰ উপৰিও তেওঁলোকে লাভ কৰা অন্যান্য সুবিধাবোৰ হল- সাংসদসকলে ফোন-ইণ্টাৰনেটৰ ভাট্টা, বছৰি ৩৪খন বিনামূলীয়া বিমানৰ টিকটো লাভ কৰে।লগতে প্ৰথম শ্ৰেণীৰ ৰে’ল সেৱা, ৫০,০০০ ইউনিট বিদ্যুৎ আৰু ৪০০০ কিলোলিটাৰ পানীৰ সুবিধাও লাভ কৰে।নতুন দিল্লীত তেওঁলোকৰ পাঁচ বছৰৰ কাৰ্যকালত বিনামূলীয়া বাসগৃহও লাভ কৰে।তেওঁলোকে বছৰি ৫০ হাজাৰ বিনামূলীয়া ইউনিট বিদ্যুৎ আৰু ৪ হাজাৰ কিলোলিটাৰ পানীৰ সুবিধাও লাভ কৰে।