আই পি এল ইতিহাসৰ সবাটোকৈ সফল অধিনায়কৰ তালিকাত নাম লিপিবদ্ধ থাকিব ৰোহিত শৰ্মা আৰু মহেন্দ্ৰ সিং ধোনীৰ। এই দুয়োজন ক্ৰিকেটাৰৰ নেতৃত্বতে মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছে পাঁচবাৰকৈ আই পি এলৰ খিতাপ দখল কৰিছে। এই দুজন ক্ৰিকেটাৰৰ বাহিৰে আন কোনো অধিনায়কে এই সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই।
এতিয়া সকলোৰে মনত প্ৰশ্ন হয় এই দুজন অধিনায়কৰ ভিতৰত শ্ৰেষ্ঠ কোন? বহু ক্ৰিকেট অনুৰাগী আৰু বিশেষজ্ঞই সময়ে সময়ে নিজৰ মত প্ৰকাশ কৰি আহিছে যদিও এইবাৰ এই বিষয়ত মন্তব্য কৰিছে ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা ধাৰাভাষ্যকাৰ মাইকেল ভনে।
ক্ৰিকবাজৰ সৈতে কথা বতৰাত মাইকেল ভনক যেতিয়া সোধা হৈছিল যে আপোনাৰ মতে আই পি এল ইতিহাসত মহেন্দ্ৰ সিং ধোনী নে ৰোহিত শৰ্মা সৰ্বশ্ৰেষ্ঠ অধিনায়ক। এই উত্তৰত তেওঁ নাম লয় মহেন্দ্ৰ সিং ধোনীৰ।
উল্লেখ্য যে, ধোনীয়ে আই পি এলৰ ১৩৩খন মেচত দলক জয়ৰ সোৱাদ দিছিল। তেওঁ সৰ্বমুঠ ২২৬খন মেচত দলক নেতৃত্ব প্ৰদান কৰিছিল। অধিনায়ক হিচাৰে জয়ৰ গড় হৈছে ৫৮.৮৪।
আনহাতে ৰোহিত শৰ্মাই ১৫৮খন মেচত অধিনায়কত্ব কৰিছিল আৰু ইযাৰে ৮৭খন মেচত জয়ী হৈছিল। অধিনায়ক হিচাপে তেওঁৰ জয়ৰ গড় হৈঠে ৪২.৪০।