পশ্চিম বংগৰ মুৰ্শিদাবাদত ৱাকফ আইনৰ বিৰুদ্ধে হৈ থকা হিংসাই চৰম সীমা পাইছে। বৰ্তমানলৈকে এই হিংসাত ৩ গৰাকীয়ে নিজৰ প্ৰাণ হেৰুৱাইছে। লগতে ১৮ আৰক্ষীকৰ্মীও আহত হয় এই প্ৰতিবাদত।
এই সময়ছোৱাত কেন্দ্ৰৰ ফালৰ পৰা ৮টা দল সাজু কৰা হৈছে। কলিকতা হাই কৰ্টেও অসন্তুষ্টি প্ৰকাশ কৰিছে।
ইফালে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজনীতিৰে প্ৰেৰিত হৈ কিছু লোকে এই হিংসা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰে। আনফালে আকৌ বিজেপিয়ে কয় যে, পশ্চিম বংগত বৰ্তমান কোনোৱেই সুৰক্ষিত নহয়। যাৰ বাবে ইয়াত ৰাষ্ট্ৰপতি শাসন বলৱৎ হ’ব লাগে।
আৰক্ষীৰ তথ্য অনুসৰি, বিগত শুকুৰবাৰে জুম্মাৰ নামাজত এক প্ৰদৰ্শনৰ আয়োজন কৰিছিল। যাৰ বাবে শমশেৰগংজত ডাকবংগলাৰ পৰা সুতীৰ-সজুৰলৈকে ৰাষ্ট্ৰীয় ঘাইপথসমূহ বন্ধ কৰি দিয়া হৈছিল। প্ৰথমতে কেৱল পথহে অৱৰোধ কৰা হৈছিল, কোনো হিংসা বা আন্দোলন হোৱা নাছিল।
কিন্তু পিছত প্ৰদৰ্শনকাৰীয়ে আৰক্ষীৰ ওপৰত শিল বৰ্ষণ কৰে। কি কাৰণত আৰক্ষীৰ ওপৰত শিল দলিওৱা হয় এই বিষয়ে জানিব পৰা হোৱা নাই। কিন্তু এইয়া স্পষ্ট যে, এই ঘটনাৰ পিছতেই প্ৰদৰ্শনে হিংসুক ৰূপ লৈছে।
ইফালে মুৰ্শিদাবাদত হোৱা এই হিংসাৰ বিৰুদ্ধে মৌলানা বৰলেবীয়ে মুছলমানসকলক উগ্ৰ প্ৰদৰ্শন নকৰি শান্তি বৰ্তাই ৰাখিবলৈ আদেশ দিয়ে। তেওঁ জোৰ দি কয় যে, এনেধৰণৰ দ্বাৰা কেৱল ক্ষতিহে হয়, অন্য একো নহয়।