ম্যানমাৰৰ দ্বিতীয় বৃহত্তম চহৰ মণ্ডলেত হোৱা ভূমিকম্পৰ ধ্বংসাৱশেষে ইতিমধ্যে ৰাজপথত দুৰ্গন্ধ বিয়পাবলৈ আৰম্ভ কৰিছে। আত্মীয়ৰ সন্ধানত ধ্বংসাৱশেষ আঁতৰোৱাত ব্যস্ত হৈছে সকলো।
উল্লেখ্য যে, শুকুৰবাৰে বিয়লি ৭.৭ প্ৰাবল্যৰ ভূমিকম্পই ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছিল, য’ত এতিয়ালৈকে ১৭০০ৰো অধিক লোকৰ মৃত্যু হৈছে আৰু এতিয়াও অগণন লোক ধ্বংসাৱশেষৰ তলত পুতি থোৱা আছে।
ভূমিকম্পৰ কেন্দ্ৰস্থল মণ্ডলেৰ সমীপত চহৰখনৰ বহু অট্টালিকা ভাঙি আন্তঃগাঁথনিৰ ভয়াৱহ ক্ষতিসাধন হয়। ভঙা পথ, ভাঙি যোৱা দলং আৰু যোগাযোগৰ ব্যাঘাতৰ বাবে সাহায্যৰ কামত বাধাৰ সৃষ্টি হৈছে। তদুপৰি দেশত চলি থকা গৃহযুদ্ধই উদ্ধাৰ অভিযান আৰু অধিক কঠিন কৰি তুলিছে।
মাণ্ডেলেৰ ১৫ লাখ বাসিন্দাৰ বহুতেই ৰাতিটো ৰাজপথত কটাবলগীয়া হোৱাৰ বিপৰীতে হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰে। চুবুৰীয়া ৰাষ্ট্ৰ থাইলেণ্ডতো এই ভূমিকম্পৰ ফলত কমেও ১৭ জন লোকৰ মৃত্যু হয়।
সাহায্য সংস্থাসমূহৰ তথ্য অনুসৰি, ম্যানমাৰত বৰ্তমানলৈকে ১৬৪৪জন লোকে প্ৰাণ হেৰুৱাৰ বিপৰীতে আহত হৈছে ৩৪০৮জন লোক। বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান।
ম্যানমাৰলৈ ভাৰতে দুখন চি-১৭ সামৰিক পৰিবহণ বিমানৰ জৰিয়তে সাহায্য সামগ্ৰী আৰু ১২০ জন সামৰিক জোৱান প্ৰেৰণ কৰিছে। এই দলটোৱে উত্তৰ মণ্ডলেত ৬০খন বিছনাযুক্ত জৰুৰীকালীন চিকিৎসা কেন্দ্ৰ স্থাপন কৰিব।
ইতিমধ্যে ম্যানমাৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছিল আৰু এতিয়া এই প্ৰাকৃতিক দুৰ্যোগে তাত থকা জনসাধাৰণৰ বাবে অধিক অসুবিধাৰ সৃষ্টি কৰিছে।
ভাৰতকে ধৰি বহু দেশে স্থানীয় ৰাইজক সহায়ৰ বাবে সাহায্য প্ৰদান কৰিছে যদিও ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ ক্ষেত্ৰত এতিয়াও বহু প্ৰত্যাহ্বান আহি পৰিছে।
আমেৰিকাৰ ভূতাত্ত্বিক সেৱাৰ পূৰ্বাভাসৰ আৰ্হিত অনুমান কৰা হৈছে যে ম্যানমাৰত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১০ হাজাৰতকৈ অধিক হ’ব পাৰে আৰু ক্ষতিৰ ফলত দেশখনৰ বাৰ্ষিক অৰ্থনৈতিক উৎপাদন বহুগুণে বৃদ্ধি পাব পাৰে।