ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্মত শৰণাপন্ন হ’ল ৰঙিয়াৰ এগৰাকী উচ্চ শিক্ষিতা মুছলমান যুৱতী।যুৱতীগৰাকীৰ নাম ৰেজিনা বেগম।ইঞ্জিনিয়াৰিঙত স্নাতকোত্তৰ ডিগ্ৰীধাৰী ৰেজিনা।
অসমৰে পুৰণি মুছলমান সম্প্ৰদায়ৰ আঢ্যৱন্ত পৰিয়ালৰ এগৰাকী শিক্ষিতা যুৱতী ৰেজিনাই, অনন্যা দেউৰী নাম লৈ সোমবাৰে হিন্দু পৰম্পৰাগত ৰীতি-নীতিৰে সনাতন ধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰে।
নগাঁও চহৰৰ মাজমজিয়াত থকা শ্ৰীশ্ৰী জখলাবন্ধা সত্ৰত যুৱতীগৰাকীয়ে গ্ৰহণ কৰে হিন্দু ধৰ্ম।যাৱতীয় সকলো নীতি- নিয়মৰ পাছত সত্ৰাধিকাৰৰ আশীৰ্বাদ লৈ ৰাজহুৱাকৈ ইছলাম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰে যুৱতীগৰাকীয়ে।
জানিব পৰা মতে যুৱতীগৰাকীৰ ঘৰ ৰঙিয়াত। সত্ৰখনৰ সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱ গোস্বামীৰ তত্বাৱধানত পুৰোহিতৰ পুজা, অৰ্চনা, হোম আদিৰ জৰিয়তে মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰ দেৱ গুৰুৰ ধৰ্ম দৰ্শনত শৰণ গ্ৰহণ কৰি হিন্দু ধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰে যুৱতীগৰাকীয়ে।তাৰ পাছতেই পূৰ্বৰ ধৰ্ম, নাম এৰি নতুন ধৰ্ম আৰু নাম গ্ৰহণ কৰে ৰেজিনা বেগমে।
স্ব-ইচ্ছাৰে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিলে ৰেজিনাই। “ইছলাম ধৰ্মৰ ধৰ্মীয় গোড়ামি, নাৰী অধিকাৰহীনতা, বোৰ্খা প্ৰথা, বহুবিবাহ আৰু বহু কু-সংস্কাৰত অতিষ্ঠ হৈ আৰু সনাতন ধৰ্মৰ সংস্কাৰৰ প্ৰতি আকৃষ্ট হৈ তেওঁ হিন্দু ধৰ্ম গ্ৰহণ কৰা” বুলি মন্তব্য কৰে।
এই সন্দৰ্ভত সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱ গোস্বামীয়ে কয় যে, ৰেজিনা যথেষ্ট শিক্ষিত ছোৱালী।তেওঁ নিজে যোগাযোগ কৰি তেওঁলোকক প্ৰথমে গুৱাহাটীলৈ মাতি পঠিয়াইছিল। তাৰ পাছতে বিশ্ব হিন্দু পৰিষদৰ এগৰাকী নেতাক লৈ তেওঁলোক গুৱাহাটীলৈ গৈছিল।
কিন্তু তাত ৰেজিনাৰ একাংশ সম্পৰ্কীয়ই তেওঁলোকক বাধা প্ৰদান কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত ৰেজিনাই নিজে তেওঁলোকৰ ওচৰলৈ আহি হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ কথা কৈছিল। সম্পূৰ্ণ আইনী ৰীতি-নীতিৰে মুছলমান ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰি অনন্যা দেউৰী হয় ৰেজিনা