নলবাৰীৰ ধমধমাৰ আঙাৰধোৱাৰ যুৱক দিপেন কুমাৰ শৰ্মাৰ নলবাৰীৰ ‘নৱদ্বীপ হাস্পতাল’ত মৃত্যু হোৱাকলৈ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়।
পৰিয়ালৰ ভাষ্য অনুসৰি, ১৫ জুলাইত দিনৰ ১২ মান বজাত নৱদ্বীপ হাস্পতালত দিপেন কুমাৰ শৰ্মা নামৰ যুৱক গৰাকীক পেটৰ বিষৰ বাবে ভৰ্তি কৰা হয়। উল্লেখযোগ্য যে পূৰ্বে এক দুৰ্ঘটনাত পতিত হৈছিল এই যুৱকজন আৰু চিকিৎসাৰ অন্ততঃ তেওঁ সুস্থ হৈ উঠিছিল।
পিছে দিপেন শৰ্মাক হঠাতে ১৫ জুলাইত পেটৰ বিষৰ বাবে ভৰ্তি কৰা হৈছিল নৱদ্বীপ হাস্পতালত।চিকিৎসকে দিপেনৰ পেটৰ ভিতৰৰ নাড়ী ফাটি যোৱাত অস্ত্ৰোপচাৰৰ প্ৰয়োজন থকা বুলি পৰিয়ালক জানিবলৈ দিয়ে। পৰিয়ালেও এই অস্ত্ৰোপচাৰত সন্মতি দিয়ে৷ পৰিয়ালৰ সন্মতিৰ পিছতেই যুৱক গৰাকীৰ অস্ত্ৰোপচাৰো সম্পন্ন হয়।
চিকিৎসকে এই অস্ত্ৰোপচাৰ সুকলমে সম্পন্ন হোৱা বুলি পৰিয়ালক জনাই যদিও দিপেন কুমাৰ শৰ্মাৰ হঠাতে স্বাস্থ্যৰ অৱনতি ঘটে আৰু ইয়াৰ পিচতে কৰুণভাৱে মৃত্যুক সাৱতিব লগা হয় এই যুৱকজনে৷
পৰিয়ালৰ অভিযোগ অনুসৰি, এনাচষ্টেচিয়া প্ৰক্ৰিয়া সম্পূৰ্ণ নৌহওঁতেই অস্ত্ৰোপচাৰ কৰা হৈছিল। যাৰ বাবে তেওঁ মৃত্যুমুখত পৰে। যুৱকজনৰ এই মৃত্যুক সহজভাৱে মানি ল’ব পৰা নাই পৰিয়ালৰ লোকে।
এতিয়া বহুজনে প্ৰশ্ন উত্থাপন কৰিছে যে, জীৱন বচাবলৈ গৈও যদি মানুহৰ মৃত্যু নিশ্চিত হয়, তেন্তে এনে চিকিৎসালয়ৰ প্ৰয়োজন ক’ত থাকিব ? অৱশ্যে সমগ্ৰ বিষয়টো অনুসন্ধানৰ পিছতহে পোহৰলৈ আহিব।