২০২৫ চনত ফেব্ৰুৱাৰী মাহত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া অসম বিনিয়োগকাৰী আৰু আন্তঃগাঁথনি সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২০২৫ চনৰ ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম বিনিয়োগকাৰী আৰু আন্তঃগাঁথনি সন্মিলন আৰু মুখ্য অতিথি হিচাপে মেগা ঝুমুৰ প্ৰদৰ্শনত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ জনায়।
দুয়োটা অনুষ্ঠানতে অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে সহজেই সন্মতি প্ৰকাশ কৰে।
সোমবাৰে সংসদ ভৱনত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই নিমন্ত্ৰণ আগবঢ়ায়।
প্ৰধানমন্ত্ৰীৰ সৈতে ২৫ মিনিটৰ দীঘলীয়া বৈঠকৰ কালছোৱাত মুখ্যমন্ত্ৰীয়ে তেওঁক অসমৰ উন্নয়নমূলক পদক্ষেপৰ ঢৌৰ বিষয়ে অৱগত কৰে আৰু লগতে বিভিন্ন উন্নয়নমূলক বিষয়ত প্ৰধানমন্ত্ৰীৰ পৰা পৰামৰ্শ লয়।
সামাজিক মাধ্যম X (পূৰ্বৰ টুইটাৰ)ত মুখ্যমন্ত্ৰী ড° শৰ্মাই লিখিছে যে, নতুন দিল্লীত সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিভিন্ন উন্নয়নমূলক বিষয়ত দিহা-পৰামৰ্শ লাভ কৰাৰ সৌভাগ্য লাভ কৰে। অসমবাসীৰ হৈ তেওঁ ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত অসম বিনিয়োগকাৰী আৰু আন্তঃগাঁথনি সন্মিলন আৰু মেগা ঝুমুৰৰ প্ৰদৰ্শনত আশীৰ্বাদ দিবলৈ নিমন্ত্ৰণ জনায়, য’ত প্ৰধানমন্ত্ৰীয়ে সহাঁৰি জনায়।