গছ অসমৰ মূল্যৱান প্ৰাকৃতিক সম্পদ। গছ থাকিলেহে জীৱকূলৰ অস্তিস্ব সম্ভৱ।বৰ্তমান সময়ত নিৰ্মান কাৰ্যৰ নামত অবাধে গছ কটাটো সভ্যৱান সমাজৰ বাবে এক অভ্যাসত পৰিণত হৈ পৰিছে।
অসমতো দুষ্টচক্ৰৰ দ্বাৰা বনাঞ্চল ধ্ৱংসৰ এক ভয়ংকৰ তখ্য পোহৰলৈ আহিছে।যি সময়ত বনমন্ত্ৰী চন্দ্ৰমহন পাটোৱাৰীৱে বনাঞ্চল সংৰক্ষণৰ বাবে বিভিন্ন ন ন ব্যৱস্থা গ্ৰহণ কৰিছে, ঠিক তেনে সময়তে এচাম লোকে উন্নয়নৰ নামত চলাই আহিছে বনাঞ্চলৰ ধ্বংসযজ্ঞ।
এই ঘটনা সংঘটিত হৈছে হাটশিঙিমাৰী পূৰ্বাঞ্চলত। এফালৰ পৰা গছ কাটি তহিলং কৰি গৈছে একাংশ দুষ্টচক্ৰই।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ বিট আৰু হাটশিঙীমাৰীৰ বিটৰ অধীনস্থ চুমৰাশালী, তেলডালা, গোনা পাহাৰৰ আদি অঞ্চল সম্প্ৰতি সংকটৰ গৰাহত।৷ মানকাচৰ পূৰ্বাঞ্চলৰ বনাঞ্চলত একাংশ বনদস্যু কাকো ভ্ৰুক্ষেপ নকৰাকৈ কাটি গৈছে মুল্যবান গছ-গছনি।
এনেদৰে মূল্যবান গছ-গছনি কাটি ধ্বংস কৰি প্ৰাকৃতিক সম্পদ বিনষ্ট কৰাত উঠি পৰি লাগিছে একাংশ দূষ্ট চক্ৰ।কালৈকো ভ্ৰুক্ষেপ নকৰাকৈ তেওঁলোকে কাটি গৈছে এই মুল্যবান গছসমুহ।
মানকাচৰৰ পূৰ্বাঞ্চলৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত সংঘটিত হৈ থকা এই বন ধ্বংস কাৰ্য্যই বিপদ কঢ়িয়াই আনিছে বনজ সম্পদলৈ। যাৰ বাবে চিন্তিত হৈ উঠিছে একাংশ সচেতন মহল।
মন কৰিবলগীয়া কথা এইটোৱেই যে,অসম চৰকাৰৰ এক বিয়াগোম বন বিভাগ থকাৰ পাছতো সংৰক্ষিত বনাঞ্চলসমূহ কেনেকৈ সংকুচিত আৰু ধ্বংস হ’বলৈ ধৰিছে, ইয়াকে লৈ ৰাইজৰ মাজত প্রশ্নৰ উদয় হৈছে৷
বন ধ্বংসৰ এই অবাধে কাৰ্য্য চলি থকা সময়তে কুম্ভকৰ্ণৰ নিদ্ৰাত আছে মানকাচৰৰ বনবিভাগ৷ লগতে বনাঞ্চল ধ্বংসৰ এই কার্যত মানকাচৰ বন বিভাগৰ এচাম দুনীতিগ্রস্ত বিষয়া-কর্মচাৰীও জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে বিভিন্ন দল-সংগঠনে।
ইফালে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন দল-সংগঠন তথা সচেতন ৰাইজে বহু সময়ত এই বনাঞ্চল ধ্বংসৰ বিৰুদ্ধে বন বিভাগক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই আহিছে যদিও ৰাইজৰ এই দাবীক কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বন বিভাগৰ বিৰুদ্ধে৷সেইহে বৰ্তমান এই ক্ষেত্ৰত চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহন কৰিব সেইয়া পৰবৰ্তি সময়তহে লক্ষনীয় হৈ পৰিব।