আফ্ৰিকাৰ দক্ষিণ-পূব উপকূলৰ ওচৰত ভাৰত মহাসাগৰত অৱস্থিত এখন সৰু দ্বীপ ৰাষ্ট্ৰ মৰিছাছৰ নতুন প্ৰধানমন্ত্ৰী হ’ব নবীন ৰামগুলাম। এলায়েন্স অৱ চেঞ্জৰ হাতত মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ জগন্নাথৰ মিত্ৰজোঁট এল এলায়েন্স লেপেপ-এ নিৰ্বাচনত বেয়াকৈ পৰাস্ত হোৱাৰ পিছতে দেশখনৰ শীৰ্ষ পদত অধিষ্ঠিত হ’বলৈ আগবাঢ়িছে নবীন ৰামগুলাম।
এই খবৰ প্ৰকাশ পোৱাৰ পিছতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ড° নবীন ৰামগুলামক ফোনযোগে অভিনন্দন জনায়। ইয়াৰ পিছত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এটা পোষ্টত তেওঁ কয় যে মোৰ বন্ধু নবীন ৰামগুলামৰ সৈতে কথা হৈছো আৰু নিৰ্বাচনত ঐতিহাসিক বিজয়ৰ বাবে তেওঁক অভিনন্দন জনাইছো।
‘মৰিছাছক নেতৃত্ব প্ৰদান কৰাত যাতে তেওঁ সফল হয় তাৰ কামনা কৰাৰ লগতে ভাৰত ভ্ৰমণলৈও আমন্ত্ৰণ জনাইছো। আমাৰ বিশেষ আৰু অনন্য অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰাৰ বাবে একেলগে কাম কৰিবলৈ অধিক আগ্ৰহী’, এই কথাও উল্লেখ কৰে প’ষ্টটোত।
উল্লেখ্য যে, নবীন ৰামগুলামে মিত্ৰজোঁট এলায়েন্স অৱ চেঞ্জৰ প্ৰধান হিচাপে তৃতীয়বাৰৰ বাবে মৰিছাছৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।
নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰীগৰাকীৰ ভাৰতৰ সৈতে আছে এক বিশেষ সম্পৰ্ক। আচলতে নবীন ৰামগুলামৰ পূৰ্বপুৰুষ বিহাৰৰ ভোজপুৰৰ হৰিগাঁৱত বাস কৰিছিল। ইয়াৰ পিছত তেওঁলোকৰ মৰিছাছলৈ যায়। তেতিয়াৰ পৰাই তেওঁলোকৰ পৰিয়ালটো স্থায়ীভাৱে তাতেই থাকিব লয়।