NCERTয়ে অপাৰেচন সিন্দুৰৰ ওপৰত এক বিশেষ মডিউল (module) মুকলি কৰিছে। এইদৰে এতিয়া ইয়াক NCERTৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াক তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে কিতাপত শিকোৱা হ’ব।
এই মডিউলত কোৱা হৈছে যে অপাৰেচন সিন্দুৰ কেৱল সামৰিক কাৰ্য্য নাছিল। বৰঞ্চ দেশৰ শান্তি ওভোতাই অনাৰ বাবেও লোৱা এক পদক্ষেপ আছিল। ইয়াৰ সমান্তৰালকৈ এই অভিযানত প্ৰাণ হেৰুওৱা লোকসকলৰ সন্মান ঘূৰাই অনাৰ প্ৰয়াসও আছিল। অপাৰেচন সিন্দুৰৰ প্ৰায় তিনি মাহৰ পাছত ইয়াক পৰিপূৰক সামগ্ৰী হিচাপে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে।
এই মডিউলত কোৱা হৈছে যে, যদিও পাকিস্তানে পহলগাম আক্ৰমণত প্ৰত্যক্ষভাৱে জড়িত হোৱাৰ কথা অস্বীকাৰ কৰিছে। কিন্তু পাকিস্তানী সামৰিক আৰু ৰাজনৈতিক নেতৃত্বৰ প্ৰত্যক্ষ নিৰ্দেশত সম্পন্ন কৰা হৈছিল। এই মডিউলত কোৱা হৈছে যে যদিও পাকিস্তানে পেহেলগাম আক্ৰমণত প্ৰত্যক্ষভাৱে জড়িত হোৱাৰ কথা অস্বীকাৰ কৰিছে। কিন্তু পাকিস্তানী সামৰিক আৰু ৰাজনৈতিক নেতৃত্বৰ প্ৰত্যক্ষ নিৰ্দেশত সম্পন্ন কৰা হৈছিল।
অপাৰেচন সিন্দুৰক ‘সাহস, কৌশল আৰু উদ্ভাৱনৰ বিজয়’ বুলি অভিহিত কৰি মডিউলটোত ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ কথাও উল্লেখ কৰা হৈছে, যেনে এছ-৪০০, যিয়ে শত্ৰুৰ বিমান দূৰ দূৰত্বত গুলীয়াই নিক্ষেপ কৰিছিল আৰু শত্ৰুৰ ড্ৰ’নকো ধ্বংস কৰিছিল।