নেপালত বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা সোমবাৰে প্ৰায় ২০০ জনলৈ বৃদ্ধি পাইছে। আৰু এতিয়াও সন্ধানহীন হৈ আছে ৩০ জন লোক। বৰষুণৰ ফলত সৃষ্টি হোৱা এই বিধ্বংসী পৰিস্থিতিৰ বাবেই নেপালত ভয়াৱহৰ পৰিস্থিতি সৃষ্টি হৈছে।
নেপাল সেনাৰ সূত্ৰ অনুসৰি বৰ্তমানলৈকে কম-বেছি পৰিমাণে ৪ হাজাৰ লোক বানত আক্ৰান্ত হৈছে। মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।
যোৱা শুকুৰবাৰৰ পৰা সমগ্ৰ নেপালত অবিৰতভাৱে বৰষুণ দি আহিছে। যাৰ ফলতেই এই বান পৰিস্থিতিৰ সৃষ্টি হৈছে। বানৰ ফলত বিভিন্ন স্থানত ভূমিস্খলন সংঘটিত হৈছে।
এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নেপালত থকা ভাৰতীয় দূতাবাসে এক পৰামৰ্শ জাৰি কৰিছে, য’ত ভাৰতৰ নাগৰিকসকলৰ বাবেও হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে।
বৰষুণৰ ফলত সৃষ্টি হোৱা এই দুৰ্যোগত বহু ভাৰতীয় নাগৰিকো আবদ্ধ হৈ আছে। এই সন্দৰ্ভত ভাৰতীয় দূতাবাসে টুইটাৰযোগে এক পৰামৰ্শ জাৰি কৰি লিখিছে যে প্ৰচণ্ড বৰষুণৰ ফলত বানপানী আৰু ভূমিস্খলনত আবদ্ধ হৈ পৰাসকলে দূতাবাসে দিয়া নম্বৰত যোগাযোগ কৰি দেশলৈ নিৰাপদভাৱে উভতি অহাৰ বাবে যোগাযোগ কৰিব পাৰে।