গৰমে ভংগ কৰিছে পূৰ্বৰ অভিলেখ। এফালে যদি ধাৰাসাৰ বৰষুণে কালৰূপ ধাৰণ কৰিছে পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ড আৰু হিমাচলত। আনফালে আকৌ প্ৰচণ্ড গৰমত দহিছে দেশৰ ৰাজধানী দিল্লীবাসীক।
মঙলবাৰে দিল্লীৰ সৰ্বাধিক তাপমাত্ৰা আছিল ৩৯.৩ ডিগ্ৰী চেলচিয়াছ। যি ঋতুৰ গড়তকৈ পাঁচ গুণ বেছি আছিল। এই বছৰৰ জুলাইত পূৰ্বৰ উচ্চ তাপমাত্ৰা আছিল ৩৮.৮ ডিগ্ৰী চেলচিয়াছ।
জুলাই মাহত দিল্লীবাসীয়ে প্ৰচণ্ড গৰম আৰু আৰ্দ্ৰতাৰ সন্মুখীন হৈছে। গড়ে নিম্নতম তাপমাত্ৰা ২৭.৭ ডিগ্ৰী চেলচিয়াছ নথি ভুক্ত কৰা হৈছিল দিল্লীত। বিগত ১০ বছৰৰ অভিলেখ ভংগ কৰিছে দিল্লীৰ তাপমাত্ৰাই।
পূৰ্বতে দিল্লীত জুলাইত সৰ্বাধিক তাপমাত্ৰা হয় প্ৰায় ৩৫.৬ ডিগ্ৰী চেলচিয়াছ। কিন্তু চলিত বৰ্ষত তাপমাত্ৰা আৰু আৰ্দ্ৰতা যথেষ্ট বেছি আছিল। কিয়নো দিল্লীত বৰষুণৰ পৰিমান যথেষ্ট কম আছিল।
উল্লেখ্য যে, বিগত বছৰৰ তুলনাত বৰ্তমানলৈকে দিল্লীত বৰষুণৰ পৰিমাণ ৮২ শতাংশ হ্ৰাস পাইছে। ইয়াৰ উপৰিও এই বছৰত ৰাজধানীখনত ১ ৰ পৰা ৩০ জুলাইৰ ভিতৰত বৰষুণ হৈছে ২০৩ মিমি । বিগত বছৰত একে সময়তে ৩৮৪ মিমি বৰষুণ নথিভুক্ত কৰা হৈছিল।
উল্লেখ্য যে, ২০২৩ চনৰ জুলাইত হোৱা সামগ্ৰিক বৰষুণ স্বাভাৱিকতকৈ ৮৩ শতাংশ অধিক আছিল। বিগত বছৰৰ জুলাইত ধাৰাসাৰ বৰষুণৰ ফলত দিল্লীৰ কেইবাটাও অঞ্চল বানপানীত প্লাবিত হৈছে।