ছিংগাপুৰত ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি লোৱা জুবিন গাৰ্গৰ তদন্ত সন্দৰ্ভত আহিছে এক ডাঙৰ খবৰ। শিল্পীগৰাকীৰ মৃত্যুৰ তদন্ত কৰি থকা বিশেষ তদন্তকাৰী দলে (এছ আই টি) শেখৰ গোস্বামী আৰু নিশিতা গোস্বামীক হাজিৰ হ’বলৈ নিৰ্দেশ প্ৰদান কৰিছে।
শেখৰ গোস্বামী আৰু নিশিতা গোস্বামীক শনিবাৰে দিনৰ ১১ বজাৰ ভিতৰত এছ আই টিৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ প্ৰদান কৰিছে।
ইয়াৰ উপৰি, ছিংগাপুৰৰ ৮ প্ৰৱাসী অসমীয়ালৈও এছ আই টিৰ সন্মুখত হাজিৰ হ’বলৈ জাননী প্ৰদান কৰা বুলিও জানিবলৈ দিয়ে। এই সন্দৰ্ভত এছ আই টিৰ দলে ছিংগাপুৰ উচ্চায়ুক্তলৈ প্ৰেৰণ কৰিছে ই-মেইল।
উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুক লৈ অৱতাৰণা হৈছে বিভিন্ন প্ৰশ্নৰ। অসমৰ লক্ষ লক্ষ জুবিন অনুৰাগীয়ে এই মৃত্যু ৰহস্যজনক আখ্যা দিয়াৰ লগতে ইয়াৰ বাবে জগৰীয়া কৰিছে শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক।
এই দুয়োজন ব্যক্তিক গ্ৰেপ্তাৰৰ দাবীত ইতিমধ্যে ৰাজ্যৰ চুকে কোণে আৰম্ভ হৈছে প্ৰতিবাদ। তদন্তকাৰী দলেও জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই শ্যামকানু আৰু সিদ্ধাৰ্থক।
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে জগৰীয়া কৰা এই মূল দুই অভিযুক্ত সম্প্ৰতি অজ্ঞাত স্থানত লুকাই আছে। তদন্তকাৰী দলে কেতিয়া এই দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিব সেয়া হ’ব লক্ষ্যণীয়।