২২ আগষ্টৰ স্থানীয় সময় অনুসৰি নিশা প্ৰায় ১২:৪০ বজাত নায়াগ্ৰা জলপ্ৰপাতৰ পৰা নিউয়ৰ্ক চহৰলৈ যাত্ৰী কঢ়িয়াই অনা এখন বাছ নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাত ৫ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়।
নিউয়ৰ্ক আৰক্ষীয়ে জনোৱা মতে, শুকুৰবাৰে বিয়লি বাফেলোৰ পৰা প্ৰায় ৩০ মাইল পূবে নিউয়ৰ্কৰ পেমব্ৰুক সমীপৰ আন্তঃৰাজ্যিক পথ ৯০ৰ খাৱৈত এখন ট্যুৰ বাছ বাগৰি পৰাত পাঁচজন লোকৰ মৃত্যু হোৱাৰ লগতে ৫০ জনতকৈ অধিক লোক আহত হয়। বাছখনত থকা সকলোৱে কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয়।
বাছ উলটি যোৱাৰ পিছত কাঁচৰ খিৰিকী ভাঙি বহু যাত্ৰীক বাহিৰ কৰি দিয়া হয়। মাৰ্চি ফ্লাইট এয়াৰ মেডিকেল ট্ৰেন্সপ’ৰ্ট আৰু অন্যান্য জৰুৰীকালীন সেৱাই কেইবাখনো হেলিকপ্টাৰ আৰু এম্বুলেন্স নিয়োগ কৰি নিহতসকলক আঞ্চলিক চিকিৎসালয়লৈ লৈ যায়। ইয়াৰ ভিতৰত আছিল বাফেলোৰ ইৰি কাউন্টি মেডিকেল চেণ্টাৰ, য’ত কমেও ৮ জন আহতক অনা হয়।