নাইজেৰিয়াৰ বায়ু সেনাই কেমৰুনৰ সীমান্তৰ সমীপত এক বৃহত অভিযান চলায়। এই অভিযানত অতি কমেও ৩৫গৰাকী সন্দেহজনক জেহাদী নিহত হৈছে। নাইজেৰিয়াৰ সেনাৰ তৰফৰ পৰা জনোৱা অনুসৰি শনিবাৰে দেশখনৰ উত্তৰ-পূব প্ৰান্তত এয়াৰ ষ্ট্ৰাইক চলোৱা হৈছিল। এই আক্ৰমণতে সন্ত্ৰাসবাদীকেইজন নিহত হোৱাৰ কথা নিশ্চিত কৰে।
সন্ত্ৰাসবাদীৰ গোটটোৱে নাইজেৰিয়া সেনাৰ ওপৰত আক্ৰমণ চলোৱাৰ উদ্দেশ্যে একগোট হোৱাৰ কথা জানিব পৰাৰ পিছতেই এই আক্ৰমণ সংঘটিত কৰে।
নাইজেৰিয়াৰ বায়ুসেনাৰ এক বিবৃতি অনুসৰি, ‘একাধিক উৎসৰ পৰা পোৱা চোৰাংচোৱাৰ ভিত্তিত বায়ুসেনাই অবিৰতভাৱে নিখুঁত আক্ৰমণ চলাইছিল। চাৰিটা ভিন্ন স্থানত সন্ত্ৰাসবাদীক লক্ষ্য কৰি লোৱা হৈছিল আৰু ৩৫ জনতকৈ অধিক সন্ত্ৰাসবাদী নিহত হয়।’
উল্লেখ্য যে পশ্চিম আফ্ৰিকাৰ এই দেশখনে বিদ্ৰোহ আৰু পুনৰ উত্থানশীল বোকো হাৰামৰ বিৰুদ্ধে যুঁজ দি আছে। জেহাদীৰ এই গোটটোক বিশ্বৰ অন্যতম শক্তিশালী বুলি কোৱা হয়। ২০০৯ চনত পশ্চিমীয়া শিক্ষাৰ বিৰোধিতা কৰি দেশখনৰ উত্তৰ-পূবত ইছলামিক আইন প্ৰযোজ্যৰ লক্ষ্যৰে তেওঁলোকে অস্ত্ৰ হাতত তুলি লৈছিল।