বুধবাৰৰ পৰা আৰম্ভ হোৱা জিএছটি পৰিষদৰ বৈঠকত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। জিএছটি পৰিষদে ১২ শতাংশ আৰু ২৮ শতাংশ টেক্স শ্লেব আঁতৰাই ৫ শতাংশ আৰু ১৮ শতাংশ টেক্স শ্লেবত অনুমোদন জনাইছে।
জিএছটি পৰিষদে কৰদাতাসকলক ডাঙৰ সকাহ দিয়াৰো জল্পনা-কল্পনা চলাইছে। খবৰ অনুসৰি, বীমা পলিচিসমূহত জিএছটি হ্ৰাসত অনুমোদন জনোৱাৰ সম্ভাৱনা আছে। যদিহে এই সিদ্ধান্ত লোৱা হয় তেন্তে স্বাস্থ্য আৰু জীৱন বীমা পলিচি সস্তা হৈ পৰিব।
মানিকণ্ট্ৰলৰ খবৰ অনুসৰি একংশ জীৱনদায়িনী ঔষধৰ ওপৰতো কৰ ৰেহাই দিয়াৰ সম্ভাৱনা আছে। আনহাতে বিলাসী আৰু নিচাজাতীয় সামগ্ৰীৰ ওপৰত ৪০ শতাংশ জিএছটি প্ৰযোজ্য হ’ব।
উল্লেখ্য যে, ৩ ছেপ্টেম্বৰৰ পৰা দিল্লীত আৰম্ভ হৈছে জি এছ টি কাউন্সিলৰ ৫৬ সংখ্যক বৈঠক। কাইলৈ অৰ্থাত ৪ ছেপ্টেম্বৰতো চলিব এই বৈঠক।
ছেপ্টেম্বৰৰ তৃতীয় সপ্তাহৰ ভিতৰত গুৰুত্বপূৰ্ণ হাৰৰ অধিসূচনা জাৰি কৰা হ’ব বুলি আশা কৰা হৈছে।
কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি অহা ২২ ছেপ্তেম্বৰৰ পৰা কাৰ্যকৰী হ’ব নতুন জিএছটি দৰ।