‘মহোদয়! মোৰ স্বামীয়ে মোৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰিছে। তেওঁ মোক প্ৰতিদিনে তিনি ঘণ্টা জিমত ব্যায়াম কৰায়, যাতে মোৰ ফিগাৰটো নোৰা ফাতেহীৰ দৰে হৈ পৰে’। এই কথা কৈ এগৰাকী মহিলাই কান্দিবলৈ ধৰিলে। মহিলাগৰাকীৰ কথা শুনি আৰক্ষীও স্তম্ভিত হৈ পৰে।
এই ঘটনা উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ। এগৰাকী মহিলাই নিজ স্বামী আৰু শহুৰেকৰ বিৰুদ্ধে নিৰ্যাতনৰ এই অভিযোগ উত্থাপন কৰে। মহিলাগৰাকীয়ে কয় যে, তেওঁৰ শাৰীৰিক ৰূপৰ বাবে দৈনিক ঠাট্টা তেওঁক কৰা হয়। আনকি গৰ্ভপাত কৰিবলৈও বাধ্য হৈছে তেওঁক।
তথ্য অনুসৰি, মুৰাদনগৰৰ এগৰাকী মহিলাই চলিত বৰ্ষৰ মাৰ্চ মাহত মীৰুটৰ এগৰাকী শাৰীৰিক শিক্ষাৰ শিক্ষকৰ সৈতে বিবাহপাশত আবদ্ধ হয়। মহিলাগৰাকীয়ে অভিযোগ কৰে যে, বিয়াখনত তেওঁৰ পিতৃয়ে ২৪ লাখ টকাৰ মহিন্দ্ৰা বাইক, নগদ ধন আৰু লাখ লাখ মূল্যৰ গহনা উপহাৰ দিছিল। বিয়াখনৰ বাবে তেওঁলোকৰ খৰচ হৈছিল ৭৫ লাখ টকা। অভিযোগ অনুসৰি, ইমান খৰচ কৰাৰ পিছতো মহিলাগৰাকীজনীক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে।
পত্নীৰ অভিযোগ যে, তেওঁৰ প্ৰতি স্বামীৰ মনোভাৱ বিয়াৰ পিছৰে পৰা ভাল নাছিল। তেওঁ দেখিবলৈ আকৰ্ষণীয় নহয় বুলি তেওঁৰ স্বামীয়ে তেওঁক দৈনিক ঠাট্টা কৰিছিল। স্বামীৰ পৰিয়ালৰ লোকেও তেওঁৰ পৰা অধিক যৌতুক দাবী কৰিছিল।
ভুক্তভোগীয়ে কয় যে, স্বামীয়ে তেওঁক দৈনিক জিমলৈ পঠিয়াবলৈ ধৰে। তিনি ঘণ্টাৰ বাবে ব্যায়াম কৰি নোৰা ফাতেহীৰ দৰে দৈহিক গঠন কৰিবলৈ বাধ্য কৰায়। কোনোবা দিনত যদি কম সময়ৰ বাবে ব্যায়াম কৰে, তেন্তে তেওঁক খাদ্যও দিয়া হোৱা নাছিল। স্বামীৰ এনেধৰণৰ নিৰ্যাতন সহিব নোৱাৰি অৱশেষত আৰক্ষীৰ সহায় বিচাৰে এই দুৰ্ভগীয়া মহিলাগৰাকীয়ে।