শীঘ্ৰে ভাৰতে বংগোপসাগৰত এক বৃহৎ কৌশলগত ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰিবলৈ ওলাইছে। শেহতীয়াকৈ ভাৰত চৰকাৰে NOTAM জাৰি কৰি ২৪-২৫ ছেপ্টেম্বৰত বংগ উপসাগৰত ১৪০০ কিলোমিটাৰতকৈ অধিক ন’ ফ্লাই জ’ন স্থাপন কৰিছে। বিশেষজ্ঞসকলৰ মতে, ভাৰতে এক অতি উন্নত ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰাৰ পৰিকল্পনা কৰিছে, যাৰ ৰেঞ্জ ১০০০ কিলোমিটাৰতকৈ অধিক।
নোটামে ১৪০০ কিলোমিটাৰৰো অধিক ন’ ফ্লাই জ’ন স্থাপন কৰিছে। আব্দুল কালাম দ্বীপৰ পৰা এই ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰা হ’ব। এই ক্ষেপণাস্ত্ৰ পৰীক্ষা অগ্নি-প্ৰাইম ক্ষেপণাস্ত্ৰৰ হ’ব বুলি আশা কৰা হৈছে। এই পৰীক্ষাই ভাৰতৰ শক্তি আৰু প্ৰতিৰক্ষা ক্ষমতা আৰু অধিক শক্তিশালী কৰিব।
এই পৰীক্ষাৰ ৰেঞ্জ ১৪০০ কিলোমিটাৰতকৈও অধিক হ’ব পাৰে, যাৰ ফলত এইটো এটা দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ বুলি জল্পনা-কল্পনাৰ সৃষ্টি হয়। এই পৰীক্ষা ওড়িশাৰ উপকূলৰ আব্দুল কালাম দ্বীপৰ পৰা কৰা হ’ব। এই ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ বাবে সম্পূৰ্ণ সাজু হৈছে ডি আৰ ডি অ’।
প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই এক বৃহৎ ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে। এই ক্ষেপণাস্ত্ৰ মধ্যম বা দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ হ’ব পাৰে।
ইফালে ক্ষমতা সলনিৰ পাছত প্ৰথমবাৰৰ বাবে বাংলাদেশত উপস্থিত হৈছে আমেৰিকান সেনা। খবৰ অনুসৰি প্ৰায় ১২০ জন আমেৰিকান সেনাৰ জোৱান সামৰিক অনুশীলনৰ বাবে বাংলাদেশত উপস্থিত হৈছে। ইয়াৰ প্ৰধান কাৰণ হ’ল দুয়োখন দেশৰ মাজত অধিক শক্তিশালী সামৰিক সম্পৰ্ক স্থাপন কৰা। কিন্তু ভাৰতে চুবুৰীয়া দেশত চলি থকা কোনো কার্যকলাকে আওকাণ কৰিব নিবিচাৰে৷ সেয়েহে অনুমান কৰা হৈছে যে, সীমান্ত সুৰক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ বাংলাদেশৰ সামৰিক কাৰ্যকলাপ নিৰীক্ষণ কৰিবলৈ ভাৰতে NOTAM জাৰি কৰিছে।











