আজি দেশজুৰি পালন কৰা হ’ল ৭৯ সংখ্যক স্বাধীনতা দিৱস। এই আনন্দ উছাহৰ মাজতে ডিব্ৰুগড় বগীবিল দলঙৰ ওপৰত সংঘটিত হৈছে এটি ভয়াবহ পথ দুৰ্ঘটনা।
এখন বলেৰ’ বাহন আৰু মটৰ চাইকেলৰ মাজত হোৱা ভয়ংকৰ সংঘৰ্ষত এজন বাইক আৰোহী থিতাতে মৃত্যু হয়। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে সংঘৰ্ষৰ পিছত দলঙৰ ওপৰতে বাগৰি পৰে বলেৰ’ বাহনখন।
বগীবিল দলঙত সংঘটিত পথ দুৰ্ঘটনাত নিহত হোৱা বাইক আৰোহীজন ৰিণ্টু দাস ওৰফে ৰোহিত বুলি চিনাক্ত কৰা হৈছে। মৃত ৰিণ্টু দাসৰ ঘৰ লাহোৱালৰ হাটখোলা কৈৱৰ্ত গাঁৱত বুলি জানিব পৰা গৈছে।
ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলত স্থানীয় আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে কি কাৰণত দুৰ্ঘটনাটো সংঘটিত হ’ল সেয়া তদন্ত আৰম্ভ কৰিছে।