নলবাৰী জিলাৰ তেৰেচিয়াত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এজন সুৰাসক্ত চালকৰ খুন্দাত এগৰাকী পথ চাৰিয়ে প্ৰাণ হেৰুওৱাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে।
জানিব পৰা মতে, এখন টাটা মেজিক ভানৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে মেনকা বৈশ্য নামৰ এগৰাকী মহিলাই। ইফালে এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে আন কেইবাগৰাকীও লোকৰ।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকে পৰিৱেশ উত্তপ্ত কৰি তোলে আৰু পিছত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই মেজিক বাহনখনৰ চালক গৰাকীয়ে ঘটনাস্থলৰ পৰা পলায়ন কৰে। দুৰ্ঘটনা সংঘটিত কৰা চালকজনে মদ্যপান কৰি গাড়ী চলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে।
সম্প্ৰতি দুৰ্ঘটনা সংঘটিত কৰা চালকজনৰ সন্ধানত আৰক্ষীয়ে অভিযান চলোৱা বুলিও জানিব পৰা গৈছে।