অপাৰেচন সেন্দুৰৰ পিছত প্ৰথমবাৰৰ বাবে গুজৰাটত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গুজৰাটৰ বডোদৰাৰ এক ৰোড শ্ব’ত অংশ লয় মোদীয়ে। অপাৰেচন সেন্দুৰৰ পিছত এইয়াই তেওঁৰ প্ৰথম ৰাজ্য ভ্ৰমণ।
তেওঁৰ এই ৰোড শ্ব’ত সহস্ৰাধিক লোকেও অংশগ্ৰহণ কৰে। আজি গুজৰাটত ৮২ হাজাৰ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে।
লগতে বন্দে ভাৰত এক্সপ্ৰেছকে ধৰি দুখন নতুন ৰে’ল উদ্বোধন কৰিব বুলি জানিব পৰা গৈছে। উদ্বোধনী অনুষ্ঠানৰ পিছতে তেওঁ দহোদৰ খাৰোদত ৰাইজক সম্বোধন কৰাৰ লগতে ২৪ হাজাৰ কোটি টকাৰ ৰে’লৱে আৰু অন্যান্য চৰকাৰী প্ৰকল্পৰ ভেটি স্থাপন কৰিব।
এক বিবৃতি অনুসৰি সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে দহোদৰ পৰা ইঞ্জিন নিৰ্মাণ কাৰখানা উদ্বোধন কৰাৰ লগতে বৈদ্যুতিক ইঞ্জিনৰ ফ্লেগ অফ কৰিব। ইয়াৰ পিছতে তেওঁ ভূজলৈ গৈ ৫৩,৪০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰিব। দুয়ো স্থানতে ৰাজহুৱা সভাত ভাষণ দিব।
১৮১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা চাৰিখন খোৱাপানী উন্নয়ন গোটৰ পানী যোগান আঁচনিও তেওঁ উদ্বোধন কৰিবলৈ সাজু হৈছে। এইবোৰে মহিসাগৰ আৰু দহোদ জিলাৰ ১৯৩খন গাঁও আৰু এখন চহৰত ৪.৬২ লাখ জনসংখ্যাৰ বাবে ১০০ এল পি চি ডি (লিটাৰ প্ৰতিজন ব্যক্তি প্ৰতিদিনে) বিশুদ্ধ খোৱাপানী যোগান ধৰিব।
এই অনুষ্ঠানসমূহৰ পিছতে পি এম মোদীয়ে ভূজ ভ্ৰমণ কৰিব, য’ত তেওঁ ৫৩ হাজাৰ কোটিতকৈ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত কণ্ডলা বন্দৰত আন্তঃগাঁথনি প্ৰকল্প, সৌৰ উদ্যোগ, শক্তি সঞ্চাৰণ ব্যৱস্থা, আৰু পথ নিৰ্মাণ আদি অন্তৰ্ভুক্ত হ’ব।