পাকিস্তানৰ অনুৰোধৰ পিছতে ১০ মে’ৰ যুদ্ধবিৰতিৰ ওপৰত সহমত হোৱা বুলি চৰকাৰৰ স্থিতি পুনৰবাৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কোনো দেশৰ কোনো নেতাই ভাৰতক অপাৰেচন সেন্দুৰ বন্ধ কৰিবলৈ কোৱা নাই।
২৯ জুলাইত লোকসভাত অপাৰেচন সিন্দুৰ আৰু পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বিতৰ্কৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধী আৰু বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰি ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি চুক্তি কৰা বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দাবীৰ বিৰোধিতা কিয় কৰা নাছিল বুলি প্ৰশ্ন কৰে।
এই বিষয়ত প্রথমবাৰৰ বাবে প্রকাশ কৰি প্রধানমন্ত্রীয়ে কয় যে, অপাৰেচন সেন্দুৰ কোনো হিংসাত্মক কার্য নহয়। বিশ্বৰ কোনো নেতাই অপাৰেচন সেন্দুৰ বন্ধ কৰিবলৈ কোৱা নাছিল বুলিও প্ৰধানমন্ত্ৰী জানিবলৈ দিয়ে। তেওঁ দৃঢ়তাৰে কয় যে, যদিহে পাকিস্তানে আক্ৰমণ কৰে, তেন্তে ইয়াৰ এটা ডাঙৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব ভাৰতে। ১০ মে’ত ভাৰতে পাকিস্তানৰ সামৰিক শক্তি ধ্বংস কৰিছিল আৰু সেয়াই আছিল ভাৰতৰ অপাৰেচন সেন্দুৰৰ প্ৰতি সঁহাৰি। আনকি পাকিস্তানেও এতিয়া বুজি পাইছে যে ভাৰতৰ পৰা অহা প্ৰতিটো সঁহাৰি পূৰ্বৰ তুলনাত ডাঙৰ। ভৱিষ্যতে যদি এনে পৰিস্থিতিৰ সৃষ্টি হয়, তেন্তে ভাৰত যিকোনো পৰিসৰলৈ যাব পাৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে, বিগত ৭ মে’ত পাকিস্তান আৰু POKৰ সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণৰ পিছত ভাৰতে স্পষ্ট কৰি দিছিল যে ভাৰতে নিজৰ লক্ষ্যত উপনীত হৈছে। যেতিয়া পাকিস্তানে সন্ত্ৰাসবাদীক সুৰক্ষা দিবলৈ হস্তক্ষেপ কৰিছিল তেতিয়াহে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে ইয়াক বছৰ বছৰ ধৰি মনত ৰখা এটা পাঠ শিকাইছিল।
অপাৰেচন সেন্দূৰ বিতৰ্কত অংশ লৈ প্ৰধানমন্ত্ৰীৰ কয় য়ে, কোনো বিশ্ব নেতাই তথা কোনো তৃতীয় দেশে ভাৰতক অপাৰেচন সেন্দূৰ বন্ধ কৰিবলৈ কোৱা নাছিল। বৰঞ্চ পাকিস্তানৰ মিনতিতহে হৈছিল যুদ্ধবিৰতি।প্ৰধানমন্ত্ৰীজনে কয় যে, ভাৰতে কোনো কাৰণতে পাৰমাণৱিক অস্ত্ৰৰ ব্লেকমেইলিঙত শিৰনত নকৰে। মেড ইন ইণ্ডিয়া ড্ৰোন, মিছাইলত ধ্বংস হৈছে পাকিস্তানৰ অহংকাৰ।