পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে প্ৰতিশোধ লোৱাৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত যথেষ্ট উত্তেজনা সৃষ্টি হৈছে। ইয়াৰ মাজতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ একেদিনাই ৰাষ্ট্ৰসংঘৰ মঞ্চত হাজিৰ হ’ব।
অপাৰেচন সিন্দুৰৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শ্বাহবাজ শ্বৰীফ একেখন মঞ্চত উপস্থিত হ’ব।
পাকিস্তানৰ এখন কাকতত প্ৰকাশিত এক বাতৰি অনুসৰি, অহা মাহত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮০ সংখ্যক অধিৱেশনত দুয়োখন দেশৰ প্ৰধানমন্ত্ৰী উপস্থিত থাকিব। ৰাষ্ট্ৰসংঘই দিয়া অস্থায়ী কাৰ্যসূচী অনুসৰি ভাৰত আৰু পাকিস্তানৰ নেতাই একেদিনাই ভাষণ দিব। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমে ভাষণ দিব আৰু তাৰপিছত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে ভাষণ দিব। অৱশ্যে ইয়াৰ দ্বাৰা পাকিস্তানক কৌশলগত সুবিধাও দিব পাৰে কিয়নো প্ৰধানমন্ত্ৰী মোদীয়ে উত্থাপন কৰা বিষয়সমূহৰ প্ৰতি সঁহাৰি জনোৱাৰ সুযোগ পাব শ্বাহবাজ শ্বৰীফে।