২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ লৈ ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে যোৱা ৭ মে’ত অপাৰেশ্যন সেন্দুৰৰ অধীনত পাকিস্তান আৰু পাকিস্তান দখলত থকা কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰে।
এই আক্ৰমণত কমেও ১৭ জন সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে প্ৰায় ৬০ জন সন্ত্ৰাসবাদী আহত হয়। ভাৰতীয় সেনাৰ এই কাৰ্যক লৈ সমগ্ৰ দেশ গৌৰাবান্বিত।
বহু চেলিব্ৰিটিয়ে ভাৰতীয় সশস্ত্ৰ বাহিনীকো প্ৰশংসা কৰিছে। টিভি অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্জীয়ে সামাজিক মাধ্যমত টুইট কৰি ভাৰতীয় সেনাক সম্পূৰ্ণৰূপে সমৰ্থন কৰিছে। এই সকলোবোৰৰ পিছত পাকিস্তানৰ এজন ব্যক্তিয়ে অভিনেত্ৰীগৰাকীৰ ওপৰত নিজৰ ক্ষোভ প্ৰকাশ কৰি তেওঁৰ মুছলমান স্বামীক এৰি দিবলৈ কয়।
অৱশ্যে এই সন্দৰ্ভত টিভি অভিনেত্ৰী ‘গোপী বহু’ৱেও এই পাকিস্তানী ব্যক্তিজনক উপযুক্ত উত্তৰ দিয়ে।
এগৰাকী পাকিস্তানী ব্যক্তিয়ে কোনো কাম নোহোৱা দেবলীনাৰ মুছলমান স্বামীক এৰি দিবলৈ দিয়া মন্তব্যৰ উত্তৰত দেৱলীনা ভট্টাচাৰ্জীয়ে লিখিছে যে, পাকিস্তানীসকল এতিয়া তেওঁৰ কামক লৈও চিন্তিত। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে নিজৰ দেশ আৰু সন্ত্ৰাসবাদী শিবিৰৰ যত্ন লোৱাটো দৰকাৰ। ২ দিনতে পাকিস্তানী সেনাই আন্তঃৰাষ্ট্ৰীয় পুঁজিৰ পৰা ভিক্ষা খুজিছে। গতিকে সেইবোৰ কথা চিন্তা নকৰি তেওঁৰ স্বামীক লৈ চিন্তা কৰাটো হাস্যকৰ বিষয় বুলি কয় অভিনেত্ৰীগৰাকীয়ে।